নিজৰ নাই সংস্থাপন! আজীৱন পিতৃ-মাতৃৰ পৰা আৰ্থিক সহায় বিচাৰি আইনৰ কাষ চাপিল ৪১ বছৰীয়া ব্যক্তি

- News18 Assam
- Last Updated: March 22, 2021, 3:51 PM IST
ছিদ্দিকীৰ পিতৃ-মাতৃ ৰাকছন্দা (৬৯) আৰু জাভেদ (৭১) বৰ্তমান ডুবাইত থাকে। ছিদ্দিকীৰ মতে, তেওঁৰ পিতৃ-মাতৃ যথেষ্ট "ধনী"। ছিদ্দিকীয়ে কৈছে যে, 'মোৰ কিছু স্বাস্থ্যজনিত সমস্যা আছে। জন্মৰ পৰাই আনতকৈ মই কিছু দুৰ্বল। গতিকে ইয়াৰ বাবে দায়ী পিতৃ-মাতৃ।'
ছিদ্দিকীয়ে লগতে কৈছে যে, তেওঁ ইয়াৰ পূৰ্বে বহুকেইটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল যদিও স্বাস্থ্যজনিত কাৰণত কাম বাদ দিবলগীয়া হ'ল। গতিকে তেওঁ পিতৃ-মাতৃৰ ওচৰত ইয়াৰ উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছিল। কিন্তু তেওঁলোকে এই দাবী অস্বীকাৰ কৰাত এতিয়া আইনৰ কাষ চাপিছে ছিদ্দিকী।
ছিদ্দিকীয়ে টকাৰ বাবে গোচৰ ৰুজু কৰাটো নতুন নহয়। ইয়াৰ পূৰ্বে, তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিৰুদ্ধেও গোচৰ তৰিছিল। ছিদ্দিকীয়ে তেওঁৰ শিক্ষকসকলক দোষাৰোপ কৰাৰ উপৰিও "বিৰক্তিকৰ" টিউচন আৰু "বেয়া আৰু অপৰ্যাপ্ত শিক্ষাদান"ৰ বিৰুদ্ধে একাধিক অভিযোগ কৰিছিল। কাৰণ তেওঁ অনিদ্ৰা আৰু হতাশাৰ মাজেৰে পৰীক্ষা দিবলগীয়া হৈছিল।
ছিদ্দিকীয়ে পিতৃ-মাতৃৰ ওপৰত কৰা ১ মিলিয়ন পাউণ্ড ক্ষতিপূৰণৰ দাবীক তিনি বছৰ পূৰ্বে আদালতে অগ্ৰাহ্য কৰিছিল আৰু ন্যায়াধীশয়ে সেই সময়ছোৱাত মানসিক সংকটৰ কোনো প্ৰমাণ পোৱা নাছিল। যোৱা বছৰ পুনৰ ছিদ্দিকীয়ে অনুৰূপ দাবীৰে পিতৃ-মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে, যাৰ শুনানি এতিয়াও চলি আছে।