এখন স্কুলত একাধিক বিস্ফোৰণ, কাবুলত বোমা বিস্ফোৰণত নিহত ৪০

News18 Assam | News18-Assam
Updated:May 8, 2021, 9:58 PM IST
এখন স্কুলত একাধিক বিস্ফোৰণ, কাবুলত বোমা বিস্ফোৰণত নিহত ৪০
আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰাৰ পিছতে এই ঘটনা

আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰাৰ পিছতে এই ঘটনা

  • Share this:

আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন বিদ্যালয়ত একাধিক বিস্ফোৰণ ঘটিছে। এই বিস্ফোৰণত কমেও ৪০গৰাকী লোক নিহত হয়। মৃত্যুবৰণ কৰা বেছিভাগ স্কুলখনৰ ছাত্ৰ–ছাত্ৰী।


আফগানিস্তানৰ স্থানীয় সময় অনুসৰি শনিবাৰে আবেলি কাবুলৰ এখন বিদ্যালয় চৈয়দ উল সুহাদাত এই বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত শিক্ষাৰ্থীসকল বিদ্যালয় ছুটীৰ বাবে ওলাই আহিছিল।


সংবাদ মাধ্যমত প্ৰচাৰিত ভিডিঅ' ফুটেজত দেখা গৈছিল অতি মৰ্মস্পৰ্শী দৃশ্য। শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ সন্মুখৰ ৰাস্তাত তেজৰ লগতে মোনা আৰু কিতাপ সিঁচৰতি হৈ পৰি আছিল। এই ঘটনাত আনুষ্ঠানিকভাৱে ২৫গৰাকীৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও মৃতকৰ সংখ্যা ৪০ লৈ বৃদ্ধি হৈছে। আফগান স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰৰ মতে ঘটনাত কমেও ৪৬গৰাকী লোক আহত হৈছে।



উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰাৰ লগে লগে কাবুলত এই ঘটনা সংঘটিত হোৱাটোৱে দেশখনত অশনি সংকেত কঢ়িয়াই আনিছে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনেও দায়িত্ব স্বীকাৰ কৰা নাই।

Published by: Gautam Barman
First published: May 8, 2021, 9:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি