ক্ৰিকেট খেল চলি থকা অৱস্থাতে আফগানিস্তানৰ মূল ক্ৰিকেট ষ্টেডিয়ামত বিস্ফোৰণ হয় গ্ৰেনেডৰ। দেশখনৰ এখন ঘৰুৱা লীগৰ খেলৰ সময়ত হোৱা গ্ৰেনেড বিস্ফোৰণত চাৰিজন দৰ্শক আহত হয়।
কাবুল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দেশৰ ঘৰুৱা টি-২০ লীগত পামিৰ জালমী আৰু বেণ্ড-ই-আমিৰ ড্ৰেগনছৰ মাজত অনুষ্ঠিত হৈছিল খেলখন।
আফগানিস্তানত সাপ্তাহিক বন্ধৰ দিন শুকুৰবাৰে অনুষ্ঠিত খেলখনত শতাধিক লোক উপস্থিত আছিল। বিস্ফোৰণত খেলুৱৈ, কৰ্মচাৰী আৰু বিদেশী সকলো খেলুৱৈ নিৰাপদ বুলি প্ৰকাশ কৰা হৈছে। খেলখনত বিশ্বকাপৰ নায়ক শপুৰ জাদৰানে, মহম্মদুল্লাহ নাজিবুল্লা, দৌলত জাদৰান, আফতাব আলমৰ দৰে খেলুৱৈসকলো উপস্থিত আছিল।
উল্লেখ্য, আফগানিস্তানত ক্ৰিকেট এক জনপ্ৰিয় খেল, ইয়াৰ বহু খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে যদিও তালিবানৰ হাতলৈ শাসন ক্ষমতা অহাৰ পিছত বহুকেইটা মৌলবাদী সংগঠনে মূৰ দাঙি উঠিছে আৰু দেশখনত সন্ত্ৰাসবাদমূলক কাৰ্যকালাপ অব্যাহত ৰাখিছে।
Published by: Gautam Barman
First published: July 30, 2022, 15:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|