ৱাশ্বিংটনত ট্ৰাম্প ভক্তৰ হিংসাত মৃতকৰ সংখ্যা বাঢ়িল ৪জনলৈ, ট্ৰাম্পৰ দ্ৰুত অপসাৰণ বিচাৰিছে মাৰ্কিন চিনেটে

জ’ বাইডেনৰ প্রেচিডেন্ট পদৰ অভিষেকৰ পূৰ্বে কঠোৰ সামৰিক পৰ্যৱেক্ষণত থাকিব মাৰ্কিন ৰাজধানী।
জ’ বাইডেনৰ প্রেচিডেন্ট পদৰ অভিষেকৰ পূৰ্বে কঠোৰ সামৰিক পৰ্যৱেক্ষণত থাকিব মাৰ্কিন ৰাজধানী।
- News18 Assam
- Last Updated: January 7, 2021, 11:30 AM IST
এইপর্যন্ত মৃতকৰ নাম পৰিচয় সন্মুখলৈ অনা নাই মাৰ্কিন আৰক্ষীয়ে। তথাপি এটা আনভেৰিফাইড ক্লিপত দেখা গৈছে এগৰাকী মহিলা ৰক্তাক্ত হৈ লুটি খাই পৰিছে কেপিটল বিল্ডিঙৰ মাজত। বুধবাৰে লণ্ড–ভণ্ড কৰা হৈছিল মাৰ্কিন হাউচ অৱ ৰিপ্ৰেজেনটেটিভৰ স্পীকাৰ নেন্সি পোলেচিৰ অফিচতো।
এই মুহুর্তত চিনেটৰ প্ৰতিনিধিয়ে কয়, ক্ষমতাৰ শান্তিপূর্ণ হস্তান্তৰৰ কোনো চৰ্তই মানি লোৱা নাই ট্ৰাম্পে। সেইকাৰণে নির্ধাৰিত সময় জানুৱাৰীৰ পূৰ্বেই সংবিধানৰ ২৫ সংখ্যক ধাৰাক সন্মুখত ৰখা হ’ব ট্ৰাম্পৰ। বাইডেনৰ দায়িত্ব লোৱা পৰ্যন্ত কাম চম্ভালিব পাৰে ভাইচ প্ৰেচিডেন্ট মাইক পেন্সে।