শুই থাকোতে মহিলাৰ পেটত সোমাল সাপ! মুখেৰে বাহিৰ কৰিলে চিকিৎসকে, চাওক শিহৰণকাৰী ভিডিঅ’

News18 Assam | News18-Assam
Updated:September 2, 2020, 6:05 PM IST
শুই থাকোতে মহিলাৰ পেটত সোমাল সাপ! মুখেৰে বাহিৰ কৰিলে চিকিৎসকে, চাওক শিহৰণকাৰী ভিডিঅ’
ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।

ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে, এগৰাকী মহিলাৰ মুখৰ ভিতৰৰ পৰা এডাল সাপ উলিয়াই আনিছে চিকিৎসকে। গোটেই সাপডাল উলিয়াই অনাৰ দৃশ্য দেখা গৈছে ভিডিঅ’টোত। কিন্তু কেনেকৈ এইদৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে সাপডাল, সেই কথা বুজিব পৰা নাই চিকিৎসকেও।

ৰাছিয়াৰ এই মহিলাগৰাকী লাভাছী গাঁৱৰ বাসিন্দা। চিকিৎসকক মহিলাগৰাকীয়ে জনায় যে তেওঁ নিজৰ ঘৰৰ বাগিচাত শুইছিল। তেতিয়াই সম্ভৱত মুখেৰে শৰীৰৰ ভিতৰত সোমাইছে সাপডাল। তাৰ পিছতে মহিলাগৰাকীৰ গা বেয়া হ’বলৈ আৰম্ভ কৰে। হাস্পতালত ভৰ্তি হোৱাত একাধিক পৰীক্ষাৰ অন্তত দেখা গ’ল যে মহিলাগৰাকীৰ শৰীৰৰ ভিতৰত কিবা এটা আছে। তাৰ পিছত মহিলাগৰাকীক অজ্ঞান কৰি মুখৰ ভিতৰৰ পৰা উলিয়াই অনা হয় সাপডাল।


ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হয় ছচিয়েল মিডিয়াত। চিকিৎসকে কিদৰে অস্ত্ৰোপচাৰৰ যন্ত্ৰৰে মহিলাগৰাকীৰ মুখেৰে সাপডাল উলিয়াই অনা দেখা গৈছে ভিডিঅ’টোত।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 6:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading