বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ ভিতৰত অন্যতম দেশ হিচাপে তালিকাভুক্ত হৈছে ভাৰত। ছুইজাৰলেণ্ডৰ ‘আইকিউ এয়াৰ’-এ মঙলবাৰে মুকলি কৰা ইয়াৰ 'ৱৰ্ল্ড এয়াৰ কোয়ালিটি ৰিপ'ৰ্ট'ত প্ৰকাশ কৰা মতে ভাৰতে এতিয়া বিশ্বৰ অষ্টম সংখ্যক সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে স্থান পাইছে। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ তালিকাত বিশ্বৰ প্ৰদূষিত দেশৰ ভিতৰত ভাৰত ২১ সংখ্যক স্থানত আছিল। বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত, ৫০ খন চহৰৰ ভিতৰত ৩৯ খন চহৰ ভাৰততে আছে। এই তথ্য বিশ্বৰ ১৩১ খন ৰাষ্ট্ৰৰ ৭,৩০০ খন চহৰত কৰা প্ৰদূষণৰ জৰীপত প্রকাশ পাইছে। এই ৩৯ খন প্ৰদূষিত চহৰৰ ভিতৰত অসমৰ গুৱাহাটী অন্যতম।
চাদ, ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বুৰ্কিনা ফাছো, কুৱেইট, ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান শীৰ্ষ ১০ খন আটাইতকৈ প্ৰদূষিত দেশ আছিল। এইবাৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত সর্বাধিক প্ৰদূষিত দেশ হিচাপে চাদে প্রথম স্থান লাভ কৰিছে। ইয়াৰ পিছত একাদিক্রমে ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বাৰ্কিন ফাছো আৰু কুৱেইটে এই তালিকাত স্থান লাভ কৰিছে। এই তালিকাত ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান ক্ৰমে অষ্টম, নৱম আৰু দশম স্থানত আছে।
বিশ্বৰ আটাইতকৈ প্রদূষিত দেশৰ তালিকাত পাকিস্তানৰ লাহোৰ, চীনৰ জিনজিয়াং হোটান চহৰৰ পিছতে ভাৰতৰ ভিৱাণ্ডি আৰু দিল্লী মহানগৰে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে। ইফালে, দিল্লীৰ কাষৰীয়া গুৰুগ্রাম, নয়ডা, গাজিয়াবাদ আৰু ফৰিদাবাদৰ প্ৰদূষণৰ মাত্ৰা হ্রাস পাইছে। এইসমূহ মহানগৰৰ পি এম ২.৫ হ্ৰাস পাইছে। যদিও দিল্লীত পূৰ্বৰ তুলনাত প্ৰদূষণ ৮ শতাংশ কমিছে, তথাপিও ইয়াৰ প্ৰদূষণৰ তীব্ৰতা বৰ্তমানেও যথেষ্ট অধিক।
আনহাতে, পাটনাই দশম স্থান, গাজিয়াবাদে একাদশ স্থান, ধাৰুহেৰাই দ্বাদশ স্থান, চাপ্ৰাই চতুর্দশ স্থান, মুজাফৰনগৰে পঞ্চদশ স্থান, গ্রেটাৰ নয়ডাই সপ্তদশ স্থান, বাহাদুৰ্গড়ে অষ্টাদশ স্থান, ফৰিদাবাদে ঊনবিংশ স্থান আৰু মুজাফৰপুৰে বিংশ স্থান, ৯৫ সংখ্যক স্থানত গুৱাহাটী মহানগৰীৰ নাম উল্লেখ আছে। তালিকাখনত দেশৰ ভিতৰত অসমৰ বুলাই চাহ বাগিচাৰ লগতে উত্তৰ গুৱাহাটীয়ে ক্ৰমে ১২০ সংখ্যক স্থান আৰু ডিগবৈয়ে ৭,২৯৪ সংখ্যক স্থান লাভ কৰিছে। উল্লেখনীয় যে, ছুইজাৰলেণ্ডৰ ‘আইকিউ এয়াৰ’ সংস্থাটোৱে বিশ্বৰ চহৰসমূহৰ প্ৰদূষণৰ মাত্ৰা বায়ুমণ্ডলত উপস্থিত থকা পদার্থকণা পি এম ২.৫ৰ উপস্থিতিৰ মাত্ৰাৰ ভিত্তিত নিৰ্ণয় কৰিছে। ছুইছ প্ৰতিবেদনখনত উল্লেখ কৰা মতে ভাৰতত হোৱা বায়ু প্ৰদূষণৰ অৰ্থনৈতিক মূল্য হৈছে ১৫০ বিলিয়ন মার্কিন ডলাৰ।
ছুইছ প্ৰতিবেদনখনৰ মতে, প্ৰদূষণৰ কাৰণসমূহৰ ভিতৰত কয়লাভিত্তিক উদ্যোগ, কাৰখানা, ইটাভাতা, কলঘৰ, বিদ্যুৎ উৎপাদন প্ৰকল্প আৰু বায় মাছ মুখ্য কাৰক। তদুপৰি পি এম ২.৫ প্ৰদূষণৰ ২০-৩৫ শতাংশৰ কাৰণ হৈছে পৰিবহণ ক্ষেত্ৰৰ পৰা হোৱা প্ৰদূষণ ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 15, 2023, 16:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।