এটা দুটা নহয়, একেলগে ৩৯ টা মৃতদেহ উদ্ধাৰ। ঘটনাটো সংঘটিত হৈছে লণ্ডনত। ৰখাই থোৱা এখন ট্ৰাকত উদ্ধাৰ হৈছে ৩৯ টাকৈ মৃতদেহ। লণ্ডনৰ পূৱ প্ৰান্তত ৰখাই থোৱা আছিল ট্ৰাক খন। আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি ৰখাই থোৱা ট্ৰাকখনত সন্দেহৰ ভিত্তিত তালাচী চলাই আৰু তেতিয়াই উদ্ধাৰ হয় মৃতদেহ কেইটা। হত্যাৰ অভিযোগত ট্ৰাকখনৰ চালকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 23, 2019, 21:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।