জীৱন আৰু মৃত্যুৰ মাজত এখন তয়া–ময়া যুঁজ। তেজেৰে তুমৰলি জীৱন সংগ্ৰাম। এই ভয়ংকৰ যুদ্ধৰ সোৱাদ ভাৰ্চুৱেল পৃথিৱীত লৈছে লক্ষ লক্ষজনে। চিতা বাঘৰ সৈতে অজগৰ সাপৰ ভয়ংকৰ যুঁজৰ এই ছবি মাছাইমাৰা অভয়াৰণ্যৰ। সমগ্ৰ পৃথিৱীৰ প্ৰকৃতিপ্ৰেমীৰ মাজত পৰিচিত এই অভয়াৰণ্যত ছাফাৰীৰ কাৰণে যোৱা ওৱেলটন নামৰ ব্যক্তিজনে কেমেৰাত বন্দী কৰে এই দৃশ্য। অত্যন্ত বিৰল এই দৃশ্য প্ৰত্যক্ষ কৰি সমগ্ৰ দলটো মুক হৈ পৰে।
দৰাচলতে এক বিশেষ প্ৰজাতিৰ হৰিণ ইম্পালাৰ ওপৰত চকু দিছিল দুয়োটা বন্য প্ৰতিদ্বন্দ্বীয়ে। একেটা চিকাৰৰ ওপৰত দুয়োটাই চকু দিয়াৰ পিছতে এই তয়া–ময়া যুঁজৰ সৃষ্টি হয়। যুদ্ধখন প্ৰত্যক্ষ কৰা এজনৰ মতে ‘অজগৰডালে এপাকত বাঘটোক যেনেকৈ চেপি ধৰিছিল, ভাব হৈছিল বাঘটো মৰিব"।
সেই শ্বাসৰূদ্ধকৰ যুঁজৰ ভিডিও চাওকঃ
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|