‘‘মই অপেক্ষা কৰিছো কেতিয়া সিহঁত আহিব সেই মুহূৰ্তৰ বাবে। মোক সহায কৰাৰ বাবে কোনো নাই। মই মোৰ পৰিয়ালৰ সৈতে আছো। সিহঁত আহিব আৰু আমাক হত্যা কৰিব যেতিয়াই তেতিয়াই’’, এই মন্তব্য জাৰিফা ঘাফাৰিৰ। আফগানিস্তানৰ প্ৰথম আৰু কনিষ্ঠতম মহিলা মেয়ৰ জাৰিফা। কাবুলত তালিবান আধিপত্যৰ পিছত মৃত্যুৰ ক্ষণ গণিছে তেওঁ।
দলৰ বহু নেতাই দেশ এৰি পলায়ন কৰিছে। স্বয়ং ৰাষ্ট্ৰপতি আছৰাফ গণিও পলায়ন কৰিছে। কিন্তু ২৭ বছৰীয়া জাৰিফাৰ আৰু যোৱাৰ কোনো ঠাই নাই। জাৰিফাই কৈছে, ‘‘মই ক’লৈ যাম, কোনে আমাক আশ্ৰয় দিব!’’ এখন আন্তৰ্জাতিক সংবাদ পত্ৰক দিয়া সাক্ষাৎকাৰত দেওবাৰে জাৰিফাই কয়, মোৰ আৰু ৰক্ষা পোৱাৰ কোনো উপায় নাই।
পূৰ্বেও তালিবানীসকলে তেওঁক একাধিকবাৰ ভাবুকি দিছে। বিগত বৰ্ষত তেওঁৰ পিতৃক গুলীয়াই হত্যা কৰিছে তালিবানসকলে। কমেও তিনিবাৰ তেওঁক হত্যা কৰাৰ চেষ্টা কৰা হৈছে। তাৰ পিছতো কোনোমতে বাচি আছিল জাৰিফা। কিন্তু এতিয়া তেওঁৰ হাতত কোনো পথ নাই। জাৰিফাই অসহায়ভাৱে কয়, মই ভাবিছিলো কাবুল ৰক্ষা পৰিব। জাৰিফা সেই শ শ আফগান মহিলাৰ ভিতৰত এগৰাকী যাৰ তালিবানী নৃশংসতাৰ অভিজ্ঞতা আছে।