পাকিস্তানী সেনা আৰু ISIৰ সমালোচনা কৰাৰ বাবে সাংবাদিকক হত্যা

News18-Assam
Updated:June 17, 2019, 5:04 PM IST
পাকিস্তানী সেনা আৰু ISIৰ সমালোচনা কৰাৰ বাবে সাংবাদিকক হত্যা
সাংবাদিকক ইছলামাবাদৰ G-9/4 এৰিয়াত আক্ৰমণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে পাকিস্তানী ব্ল’গাৰ তথা সাংবাদিকজন দেশৰ সেনাৰ আলোচকৰূপে খ্যাত আছিল।

সাংবাদিকক ইছলামাবাদৰ G-9/4 এৰিয়াত আক্ৰমণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে পাকিস্তানী ব্ল’গাৰ তথা সাংবাদিকজন দেশৰ সেনাৰ আলোচকৰূপে খ্যাত আছিল।

  • Share this:
পাকিস্তানৰ ৰাজধানী ইছলামাবাদত দেওবাৰে নিশা এজন ২২ বছৰীয়া পাকিস্তানী ব্ল’গাৰ তথা সাংবাদিক মহম্মদ বিলাল খানক চাকুৰে হানি–খুঁচি হত্যা কৰে। তথ্য অনুসৰি মহম্মদ বিলাল খান বিগত বহুদিন ধৰি সেনাৰ সমালোচক আছিল, যাৰ বাবে এজন অচিনাক্ত লোকে তেওঁক হত্যা কৰে।

সাংবাদিকক ইছলামাবাদৰ G-9/4 এৰিয়াত আক্ৰমণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে পাকিস্তানী ব্ল’গাৰ তথা সাংবাদিকজন দেশৰ সেনাৰ আলোচকৰূপে খ্যাত আছিল। আৰক্ষী বিষয়া অনুসৰি খানৰ টুইটাৰত ১৬,০০০ ফলোৱাৰ্ছ, ইউটিউব চেনেলত ৪৮,০০০ আৰু ফেচবুকত ২২,০০০ ফলোৱাৰ্ছ আছে।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ডন বাতৰিকাকতত প্ৰকাশ পাইছে যে মদম্মদ বিলাল খান এজন বন্ধুৰ সৈতে আছিল। সেই সময়তে তেওঁৰ ফোনত এটা ফোন আহিছিল, তাৰ পিছত এজন লোকে তেওঁক সমীপৱৰ্তী জংঘললৈ লৈ গৈছিল। দেওবাৰে নিশা সংঘটিত হৈছিল এই ঘটনাটো।

সাংবাদিকজনক হত্যা কৰিবলৈ চুৰি ব্যৱহাৰ কৰা হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক(SP) সদৰ মালিক নেইমে ক’লে যে কিছুমানে বন্দুকৰ গুলীৰ শব্দও শুনিছিল। এই ঘটনাত খানৰ বন্ধুজনো গুৰুতৰভাৱে আহত হৈছিল।

মহম্মদ বিলাল খানৰ হত্যাৰ পিছত ছচিয়েল মিডিয়াত Justice4MuhammadBilalKhan নামেৰে অভিযান চলোৱা হৈছে। টুইটাৰ ব্যৱহাৰকাৰী কেইবাজনে ক’লে যে ISI আৰু সেনাৰ হত্যা কৰাৰ বাবে সাংবাদিকজনক হত্যা কৰা হৈছে।

মহম্মদ বিলাল খানৰ পিতৃয়ে ক’লে যে তেওঁৰ পুত্ৰৰ শৰীৰত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্টভাৱে দেখা গৈছে, ‘মোৰ পুত্ৰৰ এটা মাত্ৰ দোষ আছিল যে সি নবীৰ বিষয়ে আলোচনা কৰিছিল।’ঘটনাৰ পিছতে আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।
আৰু চাওক
পৰৱৰ্তী বাতৰি