‘এই কঠিন সময়ত ভাৰত আপোনালোকৰ লগত’, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফ্ৰান্স চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাই ২২জন প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূতৰ পত্ৰ

News18 Assam | News18-Assam
Updated:November 9, 2020, 6:35 PM IST
‘এই কঠিন সময়ত ভাৰত আপোনালোকৰ লগত’, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফ্ৰান্স চৰকাৰৰ পদক্ষেপক সমৰ্থন জনাই ২২জন প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূতৰ পত্ৰ
ফাইল ফটো

প্ৰাক্তন দূতসকলে লগতে ৰাষ্ট্ৰ পৰিচালিত সন্ত্ৰাসবাদৰ কাৰণে ভাৰতে দশক দশক ধৰি ভুগিবলগীয়া হোৱাৰো কথা উল্লেখ কৰে।

  • Share this:
ভাৰতৰ ২২জন প্ৰাক্তন ৰাষ্ট্ৰদূতে শেহতীয়াকৈ ফ্ৰান্সত সংঘটিত সন্ত্ৰাসবাদক লৈ দেশখনৰ চৰকাৰে লোৱা পদক্ষেপক সমৰ্থন জনাইছে। এই কঠিন সময়ত ফ্ৰান্সৰ সৈতে ভাৰত থিয় দিয়াৰ কথা উল্লেখ কৰি বিবৃতি প্ৰকাশ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰদূতসকলে।

Indian Ambassador's Group নামৰ সংস্থাটোৱে ভাৰতে দশক দশক ধৰি ৰাষ্ট্ৰ পৰিচালিত সন্ত্ৰাসবাদৰ কাৰণে যাতনাৰ সন্মুখীন হৈ অহাৰ প্ৰসংগও উল্লেখ কৰে।

যোৱা মাহত পেৰিছত হজৰত মহম্মদৰ কাৰ্টুন ছবি প্ৰদৰ্শন কৰা চেমুৱেল পেটি নামৰ মাধ্যমিক স্কুলৰ শিক্ষকজনক শিৰচ্ছেদ কৰি হত্যা কৰাৰ পৰৱৰ্তী প্ৰসংগত এই বিবৃতি প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰালয়ে এই প্ৰসংগত এক কঠোৰ বিবৃতি প্ৰকাশ কৰি ফৰাচী শিক্ষকজনক নিমৰ্মভাৱে হত্যা কৰা কাণ্ডক ভৎৰ্সনা কৰিছিল।
First published: November 9, 2020, 6:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading