‘২০১১ ৰ বিশ্বকাপ ফাইনেল মেচ ফিক্সড আছিল, কিয় মেচ চলি থকাৰ মাজতে উঠিছিল অধিনায়কে পদত্যাগ কৰাৰ দাবী?’ বিস্ফোৰক দাবী শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:June 18, 2020, 11:00 PM IST
‘২০১১ ৰ বিশ্বকাপ ফাইনেল মেচ ফিক্সড আছিল, কিয় মেচ চলি থকাৰ মাজতে উঠিছিল অধিনায়কে পদত্যাগ কৰাৰ দাবী?’ বিস্ফোৰক দাবী শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰীৰ
২০১১ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল ৬ উইকেটত জিকিছিল ভাৰত। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰচিছিল ইতিহাস। সেইসময়ত শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী আছিল আলুথগামাগে।

২০১১ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল ৬ উইকেটত জিকিছিল ভাৰত। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰচিছিল ইতিহাস। সেইসময়ত শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী আছিল আলুথগামাগে।

  • Share this:
২০১১ চনৰ বিশ্বকাপৰ ফাইনেল মেচ ফিক্সড আছিল। এই বিস্ফোৰক দাবী শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী মহীন্দ্ৰা আলুথগামাগেৰ। দাবী কৰিছে যে, মেচখন ফিক্সড আছিল কিন্তু খেলুৱৈ জড়িত হোৱা নাছিল।

২০১১ বিশ্বকাপৰ ফাইনেল ৬ উইকেটত জিকিছিল ভাৰত। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰচিছিল ইতিহাস। সেইসময়ত শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী আছিল আলুথগামাগে। ক্ৰীড়ামন্ত্ৰী গৰাকীৰ মন্তব্য- ‘কিছুমান সংগঠন মেচ ফিক্সিঙত জড়িত আছিল। এই কথা নিশ্চিয় কৈ মই ক’ব পাৰো।’

২০১১ চনৰ বিশ্বকাপ ফাইনেলকলৈ কৰা এনে ধৰণৰ অভিযোগ এইবাৰেই প্ৰথম নহয়। ২০১৭ চনতো শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী দয়াসীৰি জয়শেখৰে মেচখনৰ বিৰুদ্ধে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মন্ত্ৰী অৰ্জুন ৰাণাতুংগাক তদন্ত কৰিবলৈ আহ্বান জনাইছিল।

মেচখন চলি থকাৰ সময়ত ৱাংখাড়ে ষ্টেডিয়ামত উপস্থিত আছিল ৰাণাতুংগা। খেলৰ অন্তত ৰাণাতুংগাই কৈছিল যে,  ‘শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ প্ৰদৰ্শন সন্দেহজনক লাগিল।’

আলুথগামাগে কয় যে, ‘মেনেজাৰৰ ৰিপৰ্টত কোৱা হৈছে, মেচ চলি থকাৰ মাজতে শ্ৰীলংকাৰ ছিনিয়ৰ ক্ৰিকেটাৰে ড্ৰেচিং ৰূমত কমেও ৫০ টা চিগাৰেট খাইছিল। আনকি মেচ চলি থাকোটেই শ্ৰীলংকাৰ অধিনায়কে পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছিল। মেচৰ দিনা বহু সন্দেহ জনক ঘটনাও ঘটিছিল!’

 
First published: June 18, 2020, 11:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading