• Home
  • »
  • News
  • »
  • world
  • »
  • বিদ্যালয়ৰ ভিতৰত ওলাল ২০০ৰো অধিক কণ কণ শিশুৰ কংকাল, অনুসন্ধান অব্যাহত...

বিদ্যালয়ৰ ভিতৰত ওলাল ২০০ৰো অধিক কণ কণ শিশুৰ কংকাল, অনুসন্ধান অব্যাহত...

দুৰ্ব্যৱহাৰৰ কাৰণে বিদ্যলয়খনত কমেও ৩২০০ শিশুৰৰ মৃত্যু ঘটিছে। প্ৰতিবেদনত উল্লেখ কৰা মতে ১৯১৫ৰ পৰা ১৯৬১ চনলৈ ৫১ গৰাকী শিশুৰ মৃত্যু হৈছে।

  • Share this:
এখন বিদ্যালয়ৰ ভিতৰত পুতি থোৱা অৱস্থাত ওলাইছে ২১৫টি কণ কণ শিশুৰ কংকাল। এইসকলৰ ভিতৰত তিনি বছৰীয়া কণমানি থকা বুলিও সন্দেহ কৰিছে বহুজনে। ঘটনা কি, অনুসন্ধান অব্যাহত আছে।

কানাডাৰ সকলোতকৈ ডাঙৰ আৱাসিক বিদ্যালয়ৰূপে জনাজাত এখন বিদ্যালয়ত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। কেমলুপ্ছ ইণ্ডিয়ান ৰেছিডেন্সিয়েল বিদ্যালয়ত সংঘটিত হৈছে এই গাৰ ৰোম শিঁয়ৰি উঠা ঘটনা। এগৰাকী বিষয়াই জনৱো মতে ভূগৰ্ভ ভেদী ৰাডাৰ ব্যৱস্থাৰ জড়িয়তে যোৱা সপ্তাহত বিদ্যলয় চৌহদৰ বিভিন্ন স্থানৰ পৰা পুতি থোৱা শৱদেহবোৰ উদ্ধাৰ কৰা হৈছে। তেওঁৰ আশংকা আৰু অধিক শৱদেহ পোৱাৰ সন্দেহ আছে, কাৰণ বিদ্যলয় চৌহদৰ কিছু অংশত এতিয়াও বিচাৰ কৰা হোৱা নাই।

উল্লেখ্য যে কানাডাৰ ট্ৰুথ এণ্ড ৰিকনচিয়েলেচন কমিছনে পাঁচ বছৰ পূৰ্বে বিদ্যলয়খনত কণ কণ শিশুৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনত কোৱা মতে দুৰ্ব্যৱহাৰৰ কাৰণে বিদ্যলয়খনত কমেও ৩২০০ শিশুৰৰ মৃত্যু ঘটিছে। প্ৰতিবেদনত উল্লেখ কৰা মতে বিদ্যালয়খনত ১৯১৫ৰ পৰা ১৯৬১ চনলৈ ৫১ গৰাকী শিশুৰ মৃত্যু হৈছে।

উল্লেখ্য যে কেমলুপ্ছ বিদ্যালয়খন ১৮৯০ চনৰ পৰা ১৯৬৯ চনলৈ কেথলিক গীৰ্জাৰ অধীনত পৰিচালিত হৈছিল। তাৰ পাছত চৰকাৰে বিদ্যালয়খন পৰিচালনাৰ দায়িত্ব লৈছিল। কিন্তু বিভিন্ন কাৰণত ১৯৭৮ চনৰ পৰা বিদ্যালয়খন বন্ধ হৈ পৰে।
Published by:Manjumoni Borah
First published: