• Home
  • »
  • News
  • »
  • world
  • »
  • মাত্ৰ ১ মাহতে ১০০০ কোটি টকা উপাৰ্জন কৰিলে ২০ বছৰীয়া এজন যুৱকে, কিদৰে?

মাত্ৰ ১ মাহতে ১০০০ কোটি টকা উপাৰ্জন কৰিলে ২০ বছৰীয়া এজন যুৱকে, কিদৰে?

২০ বছৰীয়া এজন ছাত্ৰই বেড বাথ এণ্ড বিয়ণ্ড সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল। মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে বিনিয়োগ কৰা টকা ১০০০ কোটিৰ ওচৰ পালে।

২০ বছৰীয়া এজন ছাত্ৰই বেড বাথ এণ্ড বিয়ণ্ড সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল। মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে বিনিয়োগ কৰা টকা ১০০০ কোটিৰ ওচৰ পালে।

২০ বছৰীয়া এজন ছাত্ৰই বেড বাথ এণ্ড বিয়ণ্ড সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল। মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে বিনিয়োগ কৰা টকা ১০০০ কোটিৰ ওচৰ পালে।

  • Share this:
শ্বেয়াৰ মাৰ্কেটে যিকোনো সময়তে যিকোনো লোকৰ ভাগ্য সলনি কৰিব পাৰে। ইয়াত ধন বিনিয়োগ কৰিলে এটা মাহৰ ভিতৰত কোটিপতিও হ’ব পাৰে, সকলো হেৰুৱাবও পাৰে। মাৰ্কিন সংস্থা বেড বাথ এণ্ড বিয়ণ্ডৰ শ্বেয়াৰত ধন বিনিয়োগ কৰি ভাগ্যৰ দুৱাৰ খোল খালে এজন মাৰ্কিন যুৱকৰ।

২০ বছৰীয়া এজন ছাত্ৰই বেড বাথ এণ্ড বিয়ণ্ড সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল। মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে বিনিয়োগ কৰা টকা ১০০০ কোটিৰ ওচৰ পালে। টুইটাৰত এই বিষয়ে জনাইছে যুৱকজনে। বেড বাথ এণ্ড বিয়ণ্ড সংস্থাই নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰে।

ফ্ৰিমেনে টুইটাৰত সদৰি কৰিছে যে ১২ বছৰৰ পৰাই ফাইনেন্স আৰু ইনভেষ্টমেণ্টৰ বিষয়ত তেওঁ অত্যন্ত আগ্ৰহী আছিল। ফাইনেন্স ইণ্ডাষ্ট্ৰীত ফ্ৰিমেনে ১২ বছৰ বয়সৰ পৰা কাম কৰা আৰম্ভ কৰিছিল। ২০ বছৰৰ জেক ফ্ৰিমেন এতিয়া আমেৰিকাৰ ইউনিভাৰ্ছিটী অব ছাউডাৰ্ন কেলিফৰ্ণিয়াৰ অংক আৰু অৰ্থনীতি বিষয়ত অধ্যয়ন কৰিছে। পঢ়া–শুনা কৰাৰ লগতে ধন উপাৰ্জন কৰাৰ উদ্দেশ্যে এই সংস্থাৰ শ্বেয়াৰত টকা বিনিয়োগ কৰিছিল। কিন্তু ফ্ৰিমেনে ২ কোটি টকা ক’৸ৰ পৰা পালে সেই বিষয়ে কোনো তথ্য সদৰি কৰা নাই।

ফ্ৰিমেনে বিনিয়োগকাৰীৰ বাবে কিছু টিপছ প্ৰদান কৰিছে। ২৫০ ডলাৰ কিদৰে ১৩০০ লাখ ডলাৰ হ’ল কিদৰে? তেওঁ জনায়, যিমানেই সামগ্ৰীৰ দাম আৰু সুদৰ হাৰ বাঢ়ি থাকক প্ৰতিদিনে ব্যৱহাৰৰ সামগ্ৰী সকলোৱে কিনিব লাগিব। বেড বাথ এণ্ড বিয়ণ্ডে নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰে। ফলত ইয়াত বিনিয়োগ কৰিলে টকা বৃদ্ধিৰ সম্ভাৱনা খুবেই বেছি। লগতে বিনিয়োগৰ পূৰ্বে অৱশ্যে সংস্থাৰ বিগত কিছু বছৰৰ পাৰফৰমেন্স চাই ল’ব লাগে। নতুন বিনিয়োগকাৰীসকলক বেছি দিনৰ বাবে টকা ৰখাৰ পৰামৰ্শ দিয়ে ফ্ৰিমেনে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি