ইণ্ডোনেছিয়াৰ পাপুৱাত হিংসাত্মক ঘটনাত ২০জনৰ মৃত্যু, আহত ৭০

মৃতসকলৰ ভিতৰত অধিক সংখ্যকৰ মৃত্যু জুইত জাহ যোৱা ঘৰ আৰু দোকানত আবদ্ধ হৈ পৰাৰ ফলত হয়।

News18-Assam
Updated:September 24, 2019, 11:36 AM IST
ইণ্ডোনেছিয়াৰ পাপুৱাত হিংসাত্মক ঘটনাত ২০জনৰ মৃত্যু, আহত ৭০
মৃতসকলৰ ভিতৰত অধিক সংখ্যকৰ মৃত্যু জুইত জাহ যোৱা ঘৰ আৰু দোকানত আবদ্ধ হৈ পৰাৰ ফলত হয়।
News18-Assam
Updated: September 24, 2019, 11:36 AM IST
ইণ্ডোনেছিয়াৰ পাপুৱা অঞ্চলত সোমবাৰে শ শ লোকে হিংসাত্মক প্ৰতিবাদৰ ফলত ২০জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছে আৰক্ষীৰ গুলীত। এজন শিক্ষকে ছাত্ৰক অপমান কৰা ঘটনাৰ পৰা সূত্ৰপাত হয় এই হিংসাত্মক ঘটনাৰ। পাপুৱা আৰক্ষীৰ মুৰব্বী ৰুডোল্ফ অলবাৰ্থ ৰোডজাই কয় যে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে স্থানীয় চৰকাৰী অট্টালিকা, দোকান আৰু বাসগৃহত অগ্নিসংযোগ কৰে। ৱামেনা চহৰত কেইবাটাও পথত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে দুচকীয়া–চাৰিচকীয়া বাহন। মৃতসকলৰ ভিতৰত অধিক সংখ্যকৰ মৃত্যু জুইত জাহ যোৱা ঘৰ আৰু দোকানত আবদ্ধ হৈ পৰাৰ ফলত হয়।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি