সোমবাৰে সংযুক্ত আৰৱ আমীৰশ্বাহীৰ (UAE) ৰাজধানী আবু ধাবিত এটা ড্ৰোন আক্ৰমণত ২ ভাৰতীয় মৃত্যুমুখত পৰে। এই আক্ৰমণ আবু ধাবিৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সংঘটিত হৈছে। য়েমেনৰ হুথি বিদ্ৰোহীসকলে এই আক্ৰমণৰ দায়িত্ব লৈছে। আক্ৰমণটোত এজন পাকিস্তানী নাগৰিকৰো মৃত্যু হোৱাৰ লগতে আন ৬গৰাকী লোক আহত হৈছে (two Indians, a Pakistani national died) ।
UAEত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰে (Sanjay Sudhir) কয় যে ভাৰতৰ নাগৰিকসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে। এই আক্ৰমণত তেল কোম্পানী এডিএনঅ'চি (ADNOC)ৰ গুদামৰ ওচৰৰ মুছাফা ঔদ্যোগিক এলেকাত ইন্ধন টেংকাৰ বিস্ফোৰিত হোৱাৰ লগতে আবু ধাবি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ নিৰ্মাণ ক্ষেত্ৰত জুই লাগে। আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত এয়া ড্ৰোন আক্ৰমণ হ'ব পাৰে বুলি উল্লেখ কৰিছে (suspected drone attack in UAE)। আনহাতে হুথি বিদ্ৰোহীসকলে ইউ.এ.ইত সামৰিক অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি আগন্তুক সময়ত অধিক আক্ৰমণৰ সকীয়নি দিয়ে। উল্লেখ্য, হুথি বিদ্ৰোহীসকলে য়েমেনত মিত্ৰজোঁট বাহিনীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাক সমৰ্থন কৰি আছে ইউ.এ.ইয়ে। এনে কাৰণতে সংযুক্ত আৰব আমীৰশ্বাহী হুথি বিদ্ৰোহীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।
UAE authorities have informed that the explosion at Mussafah, near ADNOC’s storage tanks, has led to 3 casualties, which includes 2 Indian nationals. The Mission @IndembAbuDhabi is in close touch with concerned UAE authorities for further details.