মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Crazy Love Relation : ৪৭ বছৰীয়া শিক্ষকৰ প্ৰেমত বাউলী হ'ল ১৯ বছৰীয়া যুৱতী,  একেলগে ৰোমাঞ্চ কৰিবলৈ পঢ়া এৰিবলৈকো ৰাজী

Crazy Love Relation : ৪৭ বছৰীয়া শিক্ষকৰ প্ৰেমত বাউলী হ'ল ১৯ বছৰীয়া যুৱতী,  একেলগে ৰোমাঞ্চ কৰিবলৈ পঢ়া এৰিবলৈকো ৰাজী

কোৰোণাৰ কাৰণে এবছৰ তেওঁলোকে লগ পোৱা নাছিল যদিও অলপতে জেৰেমী আহিছিল ব্ৰুছেলছলৈ আৰু তেতিয়া কেইবাদিনো দুয়ো একেলগে কটাইছিল।

কোৰোণাৰ কাৰণে এবছৰ তেওঁলোকে লগ পোৱা নাছিল যদিও অলপতে জেৰেমী আহিছিল ব্ৰুছেলছলৈ আৰু তেতিয়া কেইবাদিনো দুয়ো একেলগে কটাইছিল।

কোৰোণাৰ কাৰণে এবছৰ তেওঁলোকে লগ পোৱা নাছিল যদিও অলপতে জেৰেমী আহিছিল ব্ৰুছেলছলৈ আৰু তেতিয়া কেইবাদিনো দুয়ো একেলগে কটাইছিল।

  • Share this:
কোৰোণা মহামাৰীৰ (Coronavirus) সময়ত মাহৰ পিছত মাহ ধৰি মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। এই সময়ত বহুতেই খোৱা-লোৱাক (Experiment with Food) লৈ কৰিলে নানান এক্সপেৰিমেণ্ট। লকডাউনৰ জীৱনত মানুহে সম্পৰ্কক লৈও কৰি পেলালে বহু এক্সপেৰিমেণ্ট। আচৰিত কথা যে এই সময়তে ১৯ বছৰীয়া এগৰাকী ছাত্ৰী প্ৰেমত পৰিল নিজতকৈ বয়সত ২৮ বছৰ ডাঙৰ  ৪৭ বছৰীয়া (Teenager fell in love with 47 year old man) এজন শিক্ষকৰ। নিজৰ পিতৃসম প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ এতিয় ছাত্ৰীগৰাকীয়ে পঢ়া-শুনা পৰ্যন্ত এৰিবলৈ সাজু হৈছে।

চাৰ্লিন চেল্টিন (Charline Chaltin) নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীয়ে ৪৭ বছৰীয়া প্ৰেমিক জেৰেমী প্ৰেক্টিকো (Jeremy Pratico)ক ২০২০ চনত লগ পাইছিল। ফেচবুকৰ এটা ফেন পেজ Twentyone Pilots Facebookত লগ পাইছিল। তাতেই দুয়োটাৰ মাজত চাটিং আৰম্ভ হৈছিল আৰু এতিয়া পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে জেৰেমীৰ সৈতে থাকিবলৈ নিজৰ ঘৰ এৰি আমেৰিকা (United States of America) যাবলৈ বাউলী হৈ পৰিছে। চাৰ্লিনৰ মতে এতিয়া তেওঁৰ জীৱনৰ প্ৰথম প্ৰাথমিকতাই হ'ল জেৰেমী। ২৮ বছৰৰ ব্যৱধান থকা সত্বেও দুয়োজন সম্পৰ্কটোক লৈ যথেষ্ট ছিৰিয়াছ।

জেৰেমী হৈছে আমেৰিকাৰ ভাৰ্মণ্টৰ আৰু চাৰ্লিন হৈছে বেলজিয়ামৰ ব্ৰুছেলছৰ। কোৰোণাৰ মাজত দুইজনৰ প্ৰেম (Romance during Corona) এতিয়া তুংগত উঠিছে। জেৰেমী এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। লকডাউনে এই প্ৰেম ফুলে-ফলে জাতিষ্কাৰ হোৱাত অধিক সহায় কৰিলে। কাৰণ সেই সময়ত দুয়ো ফ্ৰী আছিল। এতিয়া ৩৫০০ মাইল দূৰত্বক নেওচি এক হোৱাৰ বাবে সাজু হৈছে দুয়ো।

প্ৰেম ইমানেই গাঢ় হৈছে যে চাৰ্লিনে এতিয়া পঢ়া-শুনা এৰি জেৰেমীৰ কাষলৈ যাবলৈ বাউলী হৈ পৰিছে। চাৰ্লিনৰ মাক-দেউতাকে যেতিয়া এই কথা গম পাইছিল তেতিয়া ভাবিছিল যে গ্ৰীণ কাৰ্ড পোৱাৰ বাহানা কৰি চাৰ্লিনে এনে কৰিছে। কোৰোণাৰ কাৰণে এবছৰ তেওঁলোকে লগ পোৱা নাছিল যদিও অলপতে জেৰেমী আহিছিল ব্ৰুছেলছলৈ আৰু তেতিয়া কেইবাদিনো দুয়ো একেলগে কটাইছিল। এতিয়া চাৰ্লিনে অতি সোনকালেই জেৰেমীৰ সৈতে আমেৰিকাত থাকিবলৈ খট-বান্ধ কৰি আছে।

শেহতীয়া বাতৰি