প্ৰেম এনেকুৱাই, কেতিয়া, ক’ত আৰু কাৰ লগত হৈ যায় ক’ব নোৱাৰি। বহু সময়ত ই স্বাভাৱিক যদিও কেতিয়াবা কোনো প্ৰেমজনিত ঘটনাই সকলোকে আচৰিত কৰিব পাৰে।
তেনে এটা অদ্ভুত কাহিনী থাইলেণ্ডৰ পৰা আহিছে। এজন ১৯ বছৰীয়া ল’ৰা ৱুথিচাই চন্তৰাজে ৫৬ বছৰীয়া জানলা নামুৱাংৰাক নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰি এতিয়া তেওঁক বিয়া কৰাব বিচাৰিছে। এই প্ৰেম কাহিনীয়ে কেৱল থাইলেণ্ডতে নহয় সমগ্ৰ বিশ্বতে শিৰোনাম দখল কৰিছে।
১৯ বছৰীয়া ৱুথিচাই আৰু তেওঁৰ প্ৰেয়সী জানলাক (৫৬) প্ৰায় ১০ বছৰ পূৰ্বে লগ পাইছিল। তেতিয়াৰ শিশু ৱুথিচাই বিবাহ বিচ্ছেদ হোৱা জানলাৰ ঘৰলৈ সঘনাই খেলিবলৈ আৰু ঘৰৰ কামত সহায় কৰিবলৈ আহিছিল। কিন্তু যেতিয়া ৱুথিচাইৰ বয়স ১৭ বছৰ হ’ল, তেতিয়া তেওঁৰ হৃদয়ত অনুভৱ হয় প্ৰেম। আৰু এইদৰেই অতি সোনকালেই দুয়োৱে দম্পতী ৰূপ আত্মপ্ৰকাশ কৰিবলৈ বিচাৰি পৰিয়ালক অৱগত কৰে।
থাইলেণ্ডৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি জানলাই ৱুথিচাইক তেওঁৰ ছুপাৰহিৰো হিচাপে গণ্য কৰে, যিয়ে তেওঁক সহায় কৰে। যেতিয়া তেওঁ ৱুথিচয়ৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ক’লে তেতিয়া তেওঁৰ সন্তানসকলো স্তম্ভিত হৈ পৰিছিল। তেওঁলোকৰ ৩৭ বছৰৰ বয়সৰ ব্যৱধান মানুহে হজম নকৰে যদিও তেওঁলোকে এই সম্পৰ্কক লৈ সুখী বুলি প্ৰকাশ কৰি আন একো মতামতক বিশেষ গুৰুত্ব নিদিয়ে বুলি জনায়।
Published by: Gautam Barman
FIRST PUBLISHED : October 25, 2022, 16:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|