দপদপকৈ জ্বলি উঠিল এখন চলন্ত ৰে’ল, ১৬জন লোকৰ মৃত্যু, আহত ১৩

ঘটনা খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

News18-Assam
Updated:October 31, 2019, 9:46 AM IST
দপদপকৈ জ্বলি উঠিল এখন চলন্ত ৰে’ল, ১৬জন লোকৰ মৃত্যু, আহত ১৩
Photo : ANI
News18-Assam
Updated: October 31, 2019, 9:46 AM IST
পাকিস্তানৰ কৰাচী–ৰাৱালপিণ্ডি তেজগাম এক্সপ্ৰেছত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ১৬জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৩ জন যাত্ৰী। ৰে’লখন পুৱা ৰহিম য়াৰ খান ৰে’লৱে ষ্টেচনৰ সমীপৰ লিয়াকতপুৰ পোৱাৰ সময়তে এটা ডবাত জুইৰ সূত্ৰপাত হয়। মুহূৰ্তৰ ভিতৰতে ৰে’লখনত বিয়পি পৰে জুই। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত ৰে’লখনৰ অধিকাংশ যাত্ৰী শুই আছিল বুলি জানিব পৰা গৈছে।

ঘটনা খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ডবাৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। আহত লোকসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কি কাৰণত ৰে’লখনত জুই লাগিল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি