কোৰোণা চিকিত্‍সাৰ নতুন আবিষ্কাৰ, পুৰস্কৃত হ’ল ১৪ বছৰীয়া ভাৰতীয়মূলৰ কিশোৰী

News18 Assam | News18-Assam
Updated:October 19, 2020, 7:15 PM IST
কোৰোণা চিকিত্‍সাৰ নতুন আবিষ্কাৰ, পুৰস্কৃত হ’ল ১৪ বছৰীয়া ভাৰতীয়মূলৰ কিশোৰী
অংকিতাই জনাইছে যে,‘ ১৯১৮ চনৰ মহামাৰীৰ কথা জনাৰ সময়ৰ পৰাই ভাইৰাছৰ চিকিত্‍সাৰ উপায় আবিষ্কাৰ পদ্ধতিৰ বাবে আগ্ৰহী আছিলো।’

অংকিতাই জনাইছে যে,‘ ১৯১৮ চনৰ মহামাৰীৰ কথা জনাৰ সময়ৰ পৰাই ভাইৰাছৰ চিকিত্‍সাৰ উপায় আবিষ্কাৰ পদ্ধতিৰ বাবে আগ্ৰহী আছিলো।’

  • Share this:
কোৰোণা ভেকচিনৰ আবিষ্কাৰৰ বাবে এতিয়া দিন ৰাতি একাকাৰ কৰিছে দেশৰ চিকিত্‍সা বিজ্ঞানীসকলে। ইয়াৰ মাজতে কোৰোণাৰ সাম্ভাব্য চিকিত্‍সা পদ্ধতি আবিষ্কাৰ কৰি, তাক কাৰ্যত ৰূপ দিলে ভাৰতীয় মূলৰ এগৰাকী মাৰ্কিন কিশোৰীয়ে। ১৪ বছৰীয়া এই শিশু বিজ্ঞানীগৰাকীৰ নাম অংকিতা চেবৰুলু। এই আবিষ্কাৰৰ বাবে ২০২০ চনৰ থ্ৰী এম ইয়ং চাইনটিষ্ট চেলেঞ্জ খিতাপ জয় কৰিলে আমেৰিকাৰ টেক্সাসৰ বাসিন্দা অংকিতাই। যি পুৰস্কাৰৰ মূল্য ২৫ হাজাৰ ডলাৰ।

ইন-চিলিক’ পদ্ধতি ব্যৱহাৰ কৰি মলিকিউল প্ৰস্তুতৰ পথ দেখুৱাইছিল অংকিতাই। যি SARS-COV-2 ভাইৰাছৰ সহায়কাৰক স্পাইক প্ৰ’টিনক অকামিলা কৰি কৰি তুলিব পাৰে। আৰু এই পদ্ধতিটোকে কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰি  সফলতা লাভ কৰিছে ছাত্ৰীগৰাকীয়ে।

অংকিতা যেতিয়া অষ্টম গ্ৰেডৰ ছাত্ৰী আছিল, তেতিয়াই তেওঁ এই সন্দৰ্ভত প্ৰথমটো প্ৰজেক্ট জমা কৰিছিল। পিছত সমগ্ৰ বিশ্ব কোৰোণা মহামাৰীৰ কবলত পৰাত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ চিকিত্‍সা পদ্ধতি উদ্ভাৱৰ উপায় আবিষ্কাৰত মনোনিৱেশ কৰে।

ছাত্ৰীগৰাকীয়ে যে, ইমান ডাঙৰ পদ্ধতি আবিষ্কাৰ কৰিব পাৰিব, সেয়া তেওঁ নিজেও বিশ্বাস কৰিব পৰা নাছিল। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, অতিমাৰী, ভাইৰাছ আৰু তাৰ চিকিত্‍সাৰ বাবে ঔষধ আবিষ্কাৰৰ গৱেষণা কৰি ইমান সময় ব্যয় কৰাৰ পিছত যে আমি শেষত এই খিনিকে কৰিব পাৰিছো, সেয়াই এতিয়া অবিশ্বাস্য যেন লাগিছে।
Published by: Himangshu Bhuyan
First published: October 19, 2020, 7:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading