১৩ বছৰীয়া কিশোৰে চুৰি কৰিলে দুখনকৈ বিমান, শাস্তিৰ সলনি পালে পুৰস্কাৰ

তদন্তৰ বাবে যেতিয়া চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয় তেতিয়া দুয়োখন বিমান এজন কিশোৰে চলোৱা দেখা যায়।

News18-Assam
Updated:July 24, 2019, 10:08 AM IST
১৩ বছৰীয়া কিশোৰে চুৰি কৰিলে দুখনকৈ বিমান, শাস্তিৰ সলনি পালে পুৰস্কাৰ
তদন্তৰ বাবে যেতিয়া চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয় তেতিয়া দুয়োখন বিমান এজন কিশোৰে চলোৱা দেখা যায়।
News18-Assam
Updated: July 24, 2019, 10:08 AM IST
চুৰিৰ ঘটনা আপুনি বহুত দেখিছে। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এক চুৰিকাণ্ডৰ বিষয়ে জনাম, যাৰ বিষয়ে হয়তো আপুনি কেতিয়াও ভৱাও নাই। চীনত এজন ১৩ বছৰীয়া কিশোৰৰ বিমান উৰুওৱাৰ ইমানেই ইচ্ছা যে কিশোৰটিয়ে বিমানবন্দৰৰ দুখন বিমান চুৰিৰ চেষ্টা চলালে। বিমান দুখন এয়াৰবেছৰ পৰা উলিয়াই আনিছিল যদি চুৰি কৰি লৈ যাবলৈ সক্ষম নহ’ল। চিচিটিভি ফুটেজৰ সহায়ত কৰায়ত্ত কৰা হয় কিশোৰটিক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিমানবন্দৰ কৰ্তৃপক্ষই কিশোৰজনৰ এই দুঃসাহসৰ বাবে কোনো শাস্তি প্ৰদান নকৰি পুৰস্কৃতহে কৰিলে। বিমানবন্দৰ কৰ্তৃপক্ষই কিশোৰজনক পাইলটৰ প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছে।

ঘটনাটো চীনৰ ঝেজিয়াং প্ৰান্তৰ হুঝউ চহৰৰ। ১৫ জুলাইত হুঝউ চহৰৰ নেচনেল হলীডে ৰিছাৰ্টৰ এয়াৰবেছৰ দুখন বিমান পুৱা বাহিৰত প্ৰত্যক্ষ কৰে বিমানবন্দৰৰ কৰ্মীয়ে। তদন্তৰ বাবে যেতিয়া চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয় তেতিয়া দুয়োখন বিমান এজন কিশোৰে চলোৱা দেখা যায়। কিশোৰজনক সোধা–পোছা কৰাত কয় যে তেওঁৰ বিমান উৰুওৱাৰ বৰ ইচ্ছা। সেয়েহে তেওঁ লৈ যাব বিচাৰিছিল বিমান দুখন। কোম্পানীয়ে কিশোৰজনৰ নাম ৰাজহুৱা কৰা নাই।


চিচিটিভি ফুটেজত স্পষ্টভাৱে দেখা গৈছে যে কিশোৰটিয়ে প্ৰথমে এখন বিমানবন্দৰ উলিয়াইছে আৰু উৰুওৱাৰ চেষ্টা কৰিছে। বিমানখন বাহিৰলৈ আনিছে যদিও নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰেলিঙত খুন্দিওৱা দেখা গৈছে ফুটেজত। তাৰ পিছত দ্বিতীয়খন বিমান উলিয়াই আনিছে কিশোৰটিয়ে। সহজভাৱে কিশোৰটিয়ে বিমানখন চলোৱা দেখা গৈছে ভিডিঅ’ত।

চিচিটিভি ফুটেজ চাই তদন্তকাৰী দল কিশোৰটিৰ ঘৰত উপস্থিত হোৱাত সি হোমৱৰ্ক কৰি আছিল। কিশোৰটিয়ে সংঘটিত কৰা এই ঘটনাৰ বিষয়ে জনা নাছিল পৰিয়ালে। চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্ল’বেল টাইম্ছৰ মতে, বিমানখন ৰেলিঙত খুন্দা মৰাৰ ফলত বিমানখনৰ কিছু ক্ষতি হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি