আৰক্ষীৰ পোছাক পৰিহিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ১৩জনক, ক’ত এই ভয়ংকৰ ঘটনা?

News18 Assam | News18-Assam
Updated:April 20, 2020, 9:01 AM IST
আৰক্ষীৰ পোছাক পৰিহিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ১৩জনক, ক’ত এই ভয়ংকৰ ঘটনা?
এই গুলীচালনাৰ ঘটনাত এজন আৰক্ষীৰো মৃত্যু হৈছে।

এই গুলীচালনাৰ ঘটনাত এজন আৰক্ষীৰো মৃত্যু হৈছে।

  • Share this:
কানাডাৰ ন’ভা স্ক’টিয়াত দেওবাৰে আৰক্ষীৰ পোছাক পৰিহিত এটা দুৰ্বৃত্তই কৰা ধাৰাসাৰ গুলীচালনাত ১৩জন লোক নিহত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণকাৰীক বাধা দিয়াৰ চেষ্টা চলায়, কিন্তু দুয়োপক্ষৰ গুলীচালনাত আৰক্ষীৰ গুলীত মৃত্যু হয় দুৰ্বৃত্তটোৰ। কানাডাত ৩০ বছৰৰ পিছত সংঘটিত হৈছে এনেধৰণৰ ঘটনা।

এই গুলীচালনাৰ ঘটনাত এজন আৰক্ষীৰো মৃত্যু হৈছে। এই ঘটনা হেলিফেক্স টাউনৰ পৰা ১০০ কিলোমিটাৰ উত্তৰৰ পোৰ্টপিকে নামৰ এখন চহৰত সংঘটিত হৈছে। উল্লেখযোগ্য যে কানাডাৰ এই অঞ্চলতো কোৰোণাৰ সংক্ৰমণৰ ফলত লকডাউন অব্যাহত আছে। এই অঞ্চলটোৰ কেইবাটাও ঘৰত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছে।

আৰক্ষীয়ে আক্ৰমণকাৰীটোক গেব্ৰিয়েল ৱোৰ্টমেন বুলি চিনাক্ত কৰিছে। আৰক্ষীৰ মতে, গেব্ৰিয়েল উক্ত স্থানৰ বাসিন্দা নহয় আৰু মাজে–সময়ে পোৰ্টপিকেলৈ অহা–যোৱা কৰিছিল। গেব্ৰিয়েল কিছু অস্থিৰ আছিল আৰু নিজকে আৰক্ষী বিষয়া বুলি ভাবিছিল। আনকি তেওঁ নিজৰ গাড়ীখনো কানাডা মাউণ্টেড পুলিচ ক্ৰুইজাৰৰ দৰেকৈ ডিজাইন কৰি লৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading