মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Tokyo Olympics 2020 : টকিঅ' অলিম্পিকৰ সৰ্বকনিষ্ঠ খেলুৱৈগৰাকী কোন, ছিৰিয়াৰ ধ্বংসস্তুপৰ পৰা ওলাই আহিছে এইগৰাকী খেলুৱৈ!

Tokyo Olympics 2020 : টকিঅ' অলিম্পিকৰ সৰ্বকনিষ্ঠ খেলুৱৈগৰাকী কোন, ছিৰিয়াৰ ধ্বংসস্তুপৰ পৰা ওলাই আহিছে এইগৰাকী খেলুৱৈ!

২০১৫ চনত মাত্ৰ ৬ বছৰ বয়সত জাজাই ছিৰিয়াৰ জুনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। তাৰ পিছত ৯ বছৰ বয়সত ১২ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়ন হয় জাজা।

২০১৫ চনত মাত্ৰ ৬ বছৰ বয়সত জাজাই ছিৰিয়াৰ জুনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। তাৰ পিছত ৯ বছৰ বয়সত ১২ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়ন হয় জাজা।

২০১৫ চনত মাত্ৰ ৬ বছৰ বয়সত জাজাই ছিৰিয়াৰ জুনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। তাৰ পিছত ৯ বছৰ বয়সত ১২ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়ন হয় জাজা।

  • Share this:
ছিৰিয়া (Syria) বুলি ক'লেই যেন যুদ্ধ-বিগ্ৰহেৰে জৰ্জৰিত এখন দেশ য’ত প্ৰতি নিয়ত কাৰ প্ৰাণ যায় কোনেও নাজানে। তাত ঘৰ বুলিবলৈ, চহৰ বুলিবলৈ ধ্বংস্তুপৰ বাহিৰে যেন একোৱেই নাই! কিন্তু ধ্বংস্তুপৰ মাজৰ পৰাই এইবাৰ টকিঅ’ অলিম্পিকলৈ আহিছে সৰ্বকনিষ্ঠ খেলুৱৈগৰাকী। ১২ বছৰীয়া কন্যা টেবুল টেনিচ খেলুৱৈ হেণ্ড জাজা (Hend Zaza) হৈছে টকিঅ’ অলিম্পিক (Tokyo Olympics 2020)ৰ সৰ্বকনিষ্ঠ প্ৰতিযোগী ৷

৫বছৰ বয়সৰ পৰা টেবুল টেনিচ (Table Tennis) খেলিবলৈ আৰম্ভ কৰা জাজাই অলিম্পিকৰ কোৱালিফায়িং খেলত লেবাননৰ এগৰাকী চল্লিছ বছৰ বয়সীয়া খেলুৱৈক পৰাস্ত কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। লগে লগে সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰে কণমানি জাজা। ছিৰিয়াৰ হৈ অলিম্পিকত খেলিবলৈ অহা ছজনীয়া খেলুৱৈৰ দলত একমাত্ৰ জাজাই মহিলা, আন আটাইজনেই পুৰুষ ।

উল্লেখ্য যে অলিম্পিকৰ ইতিহাসত সৰ্বকনিষ্ঠ খেলুৱৈৰ তালিকাত জাজা আছে পঞ্চম স্থানত। ১৯৬১ চনৰ শীতকালীন অলিম্পিকত ফিগাৰ স্কেটিতঙ ভাগ লোৱা অষ্ট্ৰিয়াৰ ১১ বছৰ বয়সীয়া বিয়েট্ৰিচ লিউ জিয়াই হৈছে আজি পৰ্যন্ত সৰ্বকনিষ্ঠ অলিম্পিয়ান।

২০১৫ চনত মাত্ৰ ৬ বছৰ বয়সত জাজাই ছিৰিয়াৰ জুনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰে। তাৰ পিছত ৯ বছৰ বয়সত ১২ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু পশ্চিম এছিয়াৰ চেম্পিয়ন হয় জাজা।

কিন্তু যুদ্ধ বিধ্বস্ত ছিৰিয়াত জাজাৰ প্ৰশিক্ষণ বাবে হৈছিল চুড়ান্ত সমস্যা। ২০১১ চনত আৰম্ভ হোৱা গৃহযুদ্ধ লাখ লোক মৃত্যু আৰু লাখ লাখ লোক গৃহহীন হোৱা বাতৰিয়েই হৈ পৰিছিল ছিৰিয়াৰ পৰিচয়। ২০০৯ চনত জন্ম হৈয়েই জীৱন-মৃত্যুৰ মাজত এখ সম্ভাৱনা হৈ ওলাই আহিছিল জাজা। সেই গুলীবৰ্ষণ, বোমা বৰ্ষণৰ মাজতে জাজাই আৰম্ভ কৰিছিল নিজৰ প্ৰশিক্ষণ। জাজাৰ দক্ষতা দেখি অভিভূত হৈছিল প্ৰশিক্ষক আৰু কণমানি জাজাৰ লৈছিল বিশেষ তদাৰক। জাজাৰ শাৰিৰীক গঠন, দ্ৰুত চালনা আৰু প্ৰতিপক্ষৰ মুভমেণ্টৰ সঠিক অনুমান কৰিব পৰা শক্তি হৈছে জাজাৰ ভৰষা।

এইগৰাকী ১২ বছৰীয়া জাজাই টকিঅ’লৈ আহিছে অলিম্পিকৰ সোণৰ পদক জয় কৰিবলৈ। সংবাদ মাধ্যমৰ আগত এই কথা ক’বলৈ অলপো সংকোচ নকৰিলে জাজাই। জাজাৰ পিতৃ আছিল এগৰাকী ফুটবল খেলুৱৈ। সেয়ে জীয়েকৰ ক্ৰীড়া নৈপুণ্য সহজেই চিনি পাইছিল পিতৃয়ে আৰু সদায় জাজাক তেওঁ কৰি আহিছে অনুপ্ৰাণিত। এই কণমানি জাজা বিশ্বৰ বাবেই এক অনুপ্ৰেৰণাৰ নাম।

শেহতীয়া বাতৰি