উন্মাদ কৰ্মচাৰীৰ গুলীত নিহত ১২জন সতীৰ্থ
News18-Assam Updated:June 1, 2019, 9:43 AM IST

ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ভাৰ্জিনিয়া বীচ্চৰ এটা কাৰ্যালয়ত।
ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ভাৰ্জিনিয়া বীচ্চৰ এটা কাৰ্যালয়ত।
- News18 Assam
- Last Updated: June 1, 2019, 9:43 AM IST

আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে প্ৰতিষ্ঠানটোত আক্ৰমণ চলোৱা কৰ্মচাৰী জনক হত্যা কৰিছে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হয় শুক্ৰবাৰে বিয়লি ৪ বজাত। গুলীয়াগুলীৰ সময়ত এগৰাকী আৰক্ষী বিষয়াও গুৰুতৰ ভাবে আহত হয়। কি কাৰণে কৰ্মচাৰীজনে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে ,এতিয়াও সেইকথা জানিব পৰা হোৱা নাই। আৰক্ষীয়ে দাবী কৰে যে ঘটনাটোত লোকজনৰ লগত অন্য কোনো লোক জড়িত নাছিল। এতিয়া সমগ্ৰ এলেকাটোতে আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা।