মাউণ্ট এভাৰেষ্টত আৱৰ্জনাৰ দ’ম! ওলাইছে চাৰিটা মৃতদেহ সহ ১১ হাজাৰ কেজি জাৱৰ

দুমাহ ধৰি নেপাল চৰকাৰে মাউণ্ট এভাৰেষ্টত চলাইছে চাফাই অভিযান

news18assam
Updated:June 6, 2019, 4:38 PM IST
মাউণ্ট এভাৰেষ্টত আৱৰ্জনাৰ দ’ম! ওলাইছে চাৰিটা মৃতদেহ সহ ১১ হাজাৰ কেজি জাৱৰ
দুমাহ ধৰি নেপাল চৰকাৰে মাউণ্ট এভাৰেষ্টত চলাইছে চাফাই অভিযান
news18assam
Updated: June 6, 2019, 4:38 PM IST
আৱৰ্জনাৰ পেলোৱা ঠাইলৈ পৰিণত হৈছে বিশ্বৰ সুউচ্চ পৰ্বত মাউণ্ট এভাৰেষ্ট । নেপাল চৰকাৰৰ তত্ত্বাৱধানত দুমাহধৰি চলোৱা চাফাই অভিযান উদ্ধাৰ হৈছে চাৰিটা মৃতদেহ সহ প্ৰায় ১১ হাজাৰ কেজিৰ জাৱৰৰ দম। জাৱৰৰ দমটোত পোৱা গৈছে খালি হোৱা অক্সিজেনৰ চিলিণ্ডাৰ, প্লাষ্টিকৰ বটল, বেটেৰী, লগতে বহু পৰিমাণৰ পেলনীয়া খাদ্য সামগ্ৰী।



পেলনীয়া জাৱৰ বোৰ এভাৰেষ্টৰ পৰা নেপাল আৰ্মীৰ হেলিকপ্তাৰেৰে কাঠমাণ্ডুলৈ লৈ যোৱা হয়, সেইদৰে কিছু পেলনীয়া সামগ্ৰী নেপালৰ আগশাৰীৰ পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰৰ উপযোগী সামগ্ৰী তৈয়াৰ কৰা ‘Blue waste to Value’ নামৰ এটা এন জি অ’ৰ হাতত অৰ্পন কৰে।



মাউণ্ট এভাৰেষ্টত যোৱা এপ্ৰিল মাহৰ ১৪ তাৰিখৰ পৰা চলিছিল এই চাফাই অভিযান। বুধবাৰে বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে নেপালৰ কাঠমাণ্ডু অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই কথা সদৰী কৰিছে নেপাল আৰ্মীৰ চীফ পূৰ্ণচন্দ্ৰ থাপাই। সেইদৰে ‘চেফ হিমালয়া কেম্পেইন’ ক শ্লোগান হিচাপে লৈ প্ৰতিবছৰে মাউণ্ট এভাৰেষ্টত এনেদৰে চাফাই অভিযান চলাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে নেপাল প্ৰশাসনে।
আৰু চাওক পৰৱৰ্তী বাতৰি