১১বছৰৰ আগৰ কথা মনত পেলাম! বিৰাট কোহলীয়ে কৈছিল উইলিয়ামছনৰ প্ৰসংগত

২০০৮ চনৰ ১৯বছৰৰ অনুৰ্ধৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে পৰাস্ত কৰিছিল নিউজীলেণ্ডক। সেই সময়ত বিৰাট ভাৰতীয় দলৰ আৰু কেন উইলিয়ামছন নিউজীলেণ্ডৰ অধিনায়ক আছিল। 

News18-Assam
Updated:July 9, 2019, 6:09 PM IST
১১বছৰৰ আগৰ কথা মনত পেলাম! বিৰাট কোহলীয়ে কৈছিল উইলিয়ামছনৰ প্ৰসংগত
২০০৮ চনৰ ১৯বছৰৰ অনুৰ্ধৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে পৰাস্ত কৰিছিল নিউজীলেণ্ডক। সেই সময়ত বিৰাট ভাৰতীয় দলৰ আৰু কেন উইলিয়ামছন নিউজীলেণ্ডৰ অধিনায়ক আছিল। 
News18-Assam
Updated: July 9, 2019, 6:09 PM IST
১১বছৰৰ আগৰ কোহলী আৰু উইলিয়ামছন।


১১বছৰৰ পিছত ছেমি ফাইনেলত মুখামুখি হৈছে ভাৰতীয় অধিনায়ক বিৰাট কোহলী আৰু নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন। ২০০৮চনত ১৯বছৰৰ অনুৰ্ধৰ বিশ্বকাপত দুয়ো নিজৰ নিজৰ দলৰ অধিনায়ক আছিল। কোহলীয়ে সেই সময়ত পৰাস্ত কৰিছিল উইলিয়ামছনৰ দলক। সেই পুৰণি খেলৰ কথা মনত পেলাই ছেমি ফাইনেলৰ পূৰ্বে বিৰাটে কয়, মই খেলত উইলিয়ামছনক আগৰ কথা মনত পেলাই দিম। এইটো ভাল লগা কথা যে ১১বছৰৰ পিছত আমি ছিনিয়ৰ বিশ্বকাপত নিজৰ নিজৰ দলৰ কেপ্তেইন হিচাপে আহিছো।

কোহলীয়ে ৪৩ৰাণ কৰাৰ লগতে দুটা উইকেটো লৈছিল।

কোহলীয়ে কয়, সেই বিশ্বকাপত খেলা আমাৰ বেটছৰ, তেওঁলোকৰ বেটছৰ আৰু বহুকেইটা অন্য দলৰ খেলুৱৈয়ে নিজৰ দেশৰ ৰাষ্ট্ৰীয় দলত খেলিছে। এতিয়াও তেওঁলোকৰ বহুতেই খেলি আছে। এয়া সঁচাকৈ ভাল লগা স্মৃতি। মই বা উইলিয়ামছনে কেতিয়াও ভবাই নাছিলো যে এনে এটা দিন আহিব।

২০০৮চনৰ ১৯বছৰৰ অনুৰ্ধৰ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতে নিউজীলেণ্ডক ডাকৱৰ্থ–লিউছ পদ্ধতিৰে ৩ উইকেটত পৰাস্ত কৰিছিল। টীম ইণ্ডিয়াই বৰষুণৰ কাৰণে খেল স্তব্ধ হৈ পৰালৈ ৪১.৩ অভাৰত ৭ উইকেটত ১৯১ ৰাণ সংগ্ৰহ কৰিছিল। অধিনায়ক কোহলীয়ে ৪৩ৰাণৰ লগতে দুটা উইকেট লৈছিল। ৰবীন্দ্ৰ জাডেজাই এটা উইকেট লৈছিল।

উইলিয়ামছনে সেইবাৰ ৩৭ৰাণ কৰিছিল। টীম চাউদীয়ে চাৰিটা আৰু ট্ৰেণ্ট বল্টে এটা উইকেট লৈছিল। এইবাৰ পাঁচোজন খেলুৱৈয়ে ১১ বছৰ পিছত আকৌ এবাৰ বিশ্বকাপৰ ছেমিফাইনেলত মুখামুখি হৈছে। বিশ্বকাপত ২০০৩চনৰ পিছত ১৬বছৰৰ মুৰত ভাৰতে কিৱিবাহিনীৰ মুখামুখি হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি