• Home
  • »
  • News
  • »
  • world
  • »
  • ডুবাইত নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এটি ১১ মহীয়া ভাৰতীয় শিশু

ডুবাইত নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এটি ১১ মহীয়া ভাৰতীয় শিশু

সাংকেতিক ফটো

সাংকেতিক ফটো

এই পৰিয়ালটো ভাৰতৰ কেৰালাৰ বাসিন্দা। ৰামিজ ৰহমনে কয় যে তেওঁ পুত্ৰৰ নামত ৩২৩ ছিৰিজৰ ১৩১৯ নম্বৰৰ লটাৰী কিনিছিল।

  • Share this:
ডুবাইত নিশাটোৰ ভিতৰতে কোটিপতি হ’ল এটি ১১ মহীয়া ভাৰতীয় শিশু। এই শিশুটি ১৩ ফেব্ৰুৱাৰীত এবছৰীয়া হ’ব। শিশুটিৰ পিতৃ ৰামিজ ৰহমানে আবুধাবিত এটা ব্যক্তিগত কোম্পানীত একাউণ্টেণ্ট হিচাপে কাম কৰে। পিতৃয়ে ১১ মহীয়া পুত্ৰ মহম্মদ ছলাহৰ নামত অনলাইনত ক্ৰয় কৰিছিল এটা লটাৰী টিকট। আৰু ভাগ্যৱান শিশুটিৰ টিকটত লাগিছিল ১ মিলিয়ন ডলাৰ (৭ কোটি)ৰ পুৰস্কাৰ।

গ’ল্ফ নিউজৰ ৰিপ’ৰ্ট অনুসৰি, এই পৰিয়ালটো ভাৰতৰ কেৰালাৰ বাসিন্দা। ৰামিজ ৰহমনে কয় যে তেওঁ পুত্ৰৰ নামত ৩২৩ ছিৰিজৰ ১৩১৯ নম্বৰৰ লটাৰী কিনিছিল। মঙলবাৰে ঘোষণা কৰা হয় লটাৰীৰ ফলাফল। এয়া তেওঁৰ বাবে ডাঙৰ প্ৰাপ্তি বুলি কয় ৰামিজে। লটাৰীৰ ধন কি কৰিব বুলি সোধা প্ৰশ্নত ৰামিজে কয় যে এতিয়ালৈ মই একো সিদ্ধান্ত লোৱা নাই।
Published by:Sanjay Kumar Das
First published: