কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হোৱাৰ পিছত ১০১বছৰীয়া ব্যক্তিজনক ইতিমধ্যে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ অধিকাংশই বয়সীয়াল। যদিও কণমানি কেচুঁৱাৰ পৰা জ্যেষ্ঠ নাগৰিকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ঘাতক কোৰোণাই কাকো ৰেহাই দিয়া নাই তথাপিও বয়সীয়াল মানুহৰ মাজতে কোৰোণাৰ ফলত মৃত্যুৰ পৰিসংখ্যা সৰ্বাধিক। কিন্তু ইয়াৰ মাজতে দুই এটা ব্যতিক্ৰমী ঘটনাই চমক দিছে সকলোকে।
ইংলেণ্ডৰ ৱৰ্শ্বেচটায়াৰৰ কিথ ৱাটছন নামৰ ১০১বছৰীয়া ব্যক্তিজন শেহতীয়াকৈ কোৰোণাৰ পৰা মুক্ত হৈ চিকিত্সালয়ৰ পৰা ঘৰলৈ উভতা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। বয়সীয়াল ব্যক্তিজনক এটা চাৰ্জাৰীৰ কাৰণে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসালয়ৰ ভৰ্তি হৈ থাকোতেই তেওঁৰ তীব্ৰ জ্বৰ উঠে আৰু Covid-19 পজিটিভ ওলায়।
ব্যক্তিজন সুস্থ হৈ ঘৰলৈ উভতাৰ ঘটনাক লৈ সকলো আচৰিত হৈ পৰে, বোৱাৰীয়ে কয়, এই বয়সত এই ধৰণৰ ঘটনা সঁচাকৈ আশ্বৰ্যকৰ।
পৰিয়ালৰ লোকে ফেচবুকত এই বিষয়ে জনায়। পৰিয়ালে কিথ ৱাটছনৰ বিষয়ে উল্লেখ কৰি কয়, ‘তেওঁ কোৰোণা পজিটিভ হোৱাৰ পিছত আমি বেয়া খবৰৰ কাৰণেই প্ৰস্তুত হৈছিলো কিন্তু নিজৰ বয়সৰ হিচাপত তেওঁ সঁচাকৈ চমকপ্ৰদ।’
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|