বেছি পানী খোৱাৰ কাৰণেই ১০,০০০উটক গুলীয়াই মাৰিব অষ্ট্ৰেলিয়াই!

News18 Assam | News18-Assam
Updated:January 8, 2020, 6:12 PM IST
বেছি পানী খোৱাৰ কাৰণেই ১০,০০০উটক গুলীয়াই মাৰিব অষ্ট্ৰেলিয়াই!
File Photo

বনজুইত কোটি কোটি ঘৰচীয়া আৰু বন্যজন্তুৰ অকাল মৃত্যুৰ সময়ত দেশখনৰ এই সিদ্ধান্তই তুলিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। 

  • Share this:
অষ্ট্ৰেলিয়াৰ এক সংবাদমাধ্যমৰ সূত্ৰমতে চৰকাৰৰ তৰফৰ পৰা ১০হাজাৰ উট গুলীয়াই মৰাৰ কাৰণে হেলিকপ্তাৰ প্ৰেৰণ কৰা হ’ব। আজিৰে পৰা এই প্ৰক্ৰিয়াৰ তৎপৰতা চলিছে। অষ্ট্ৰেলিয়াৰ দীৰ্ঘ বনাঞ্চল জুইয়ে পুৰি নিয়াৰ সময়ত দেশখনৰ এই সিদ্ধান্তক যথেষ্ট সমালোচনা কৰা হৈছে। যোৱা প্ৰায় চাৰিমাহে জ্বলি থকা দেশখনৰ ভয়ংকৰ পৰিস্থিতিত ইতিমধ্যে কমেও ২৪জন লোক, ৫০কোটি বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৮হাজাৰ কেৱল কোৱালাৰে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে। ৫.৫মিলিয়ন হেক্টৰ জোৰা এলেকা বনজুইৰ গ্ৰাসত পৰিছে। ১৪০০ৰো অধিক ঘৰ ভস্মীভূত হৈছে। অষ্ট্ৰেলিয়াৰ জুইয়ে ঢাকি পেলাইছে নিউজীলেণ্ডৰ ৰাজধানী অকলেণ্ডো। এই মুহূৰ্তত প্ৰায় ১কোটি মানুহ এই বিষাক্ত ধোঁৱাৰ কৱলত পৰিছে। পানীৰ অভাৱৰ কাৰণে ১০,০০০উটে পানী বেছিকৈ খোৱাৰ যুক্তিৰে এই নিধনযজ্ঞ কৰাৰ নিষ্ঠুৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়া চৰকাৰে। কোৱা হৈছে–মানুহৰে খাবলৈ পানী নাই, উটে ইমান পানী খাই শেষ কৰিলে কেনেকৈ হ’ব!
আৰু চাওক
পৰৱৰ্তী বাতৰি