বিশ্বৰ ‘অতি গৰম’ ১৫খন চহৰ তালিকাত ভাৰতৰ ১০ খন চহৰ

ভাৰতবৰ্ষত ক্ৰমাৎ বৃদ্ধি পাইছে গৰম। উৎকট গৰমে এইবাৰ অতিক্ৰম কৰিছে ৫০ ডিগ্ৰী চেলছিয়াছৰ ঘৰ।

news18assam
Updated:June 3, 2019, 8:04 PM IST
বিশ্বৰ ‘অতি গৰম’ ১৫খন চহৰ তালিকাত ভাৰতৰ ১০ খন চহৰ
ভাৰতবৰ্ষত ক্ৰমাৎ বৃদ্ধি পাইছে গৰম। উৎকট গৰমে এইবাৰ অতিক্ৰম কৰিছে ৫০ ডিগ্ৰী চেলছিয়াছৰ ঘৰ।
news18assam
Updated: June 3, 2019, 8:04 PM IST
বিশ্বৰ ১৫ খন আটাইতকৈ ‘গৰম’ চহৰৰ তালিকাত ভাৰতৰ ১০ খন চহৰৰ নাম।  বিশ্বৰ অতি গৰম চহৰৰ তালিকাৰ শীৰ্ষত আছে ৰাজস্থানৰ গংগানগৰ আৰু চুৰু। দুযোখন চহৰৰ গড় তাপমাত্ৰা ক্ৰমে ৪৮.৬ আৰু ৪৮.৯ ডিগ্ৰী চেলছিয়াছ। পাকিস্তানৰ জেকোবাবাদো পৃথিবীৰ এখন অন্যতম অত্যাধিক গৰম চহৰ। চহৰ খনত গড় তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছ। ‘El Dorado Weather ৱেৱচাইটত প্ৰকাশ পোৱা তালিকাত স্থান পাইছে উত্তৰ প্ৰদেশৰ বান্দা আৰু হায়দৰাবাদৰ নাৰনুৱাল চহৰে। দুয়োখন চহৰৰ গড় তাপমাত্ৰা ক্ৰমে ৪৭.৪ আৰু ৪৭.২ ডিগ্ৰী চেলছিয়াছ। ইয়াৰ উপৰিও গড়ে ৪০ ৰ পৰা ৪৫ ডিগ্ৰী পৰ্যন্ত গৰম হোৱা দিল্লী, জয়পুৰ,কোটা, হায়দৰাবাদ আৰু লক্ষ্ণৌৱেও স্থান পাইছে তালিকাত।
আৰু চাওক পৰৱৰ্তী বাতৰি