উহান বিশ্ববিদ্যালয় আৰু চীনা বিজ্ঞান একাডেমীৰ জৈৱপদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান (Chinese Academy of Sciences’ Institute of Biophysics)ৰ গৱেষকসকলৰ মতে, ভাইৰাছটোৱে মানৱ কোষত অনুপ্ৰৱেশ কৰিবলৈ আৰু মাত্ৰ এটা মিউটেচন বা চৰিত্ৰ পৰিৱৰ্তনৰ প্ৰয়োজন। গৱেষণাৰ ফলাফলত কোৱা হৈছিল যে নিওকোভে বিপদাশংকা সৃষ্টি কৰিছে কিয়নো ই কৰোনাভাইৰাছৰ বীজাণুতকৈ ACE2 ৰিচেপ্টৰৰ সৈতে বেলেগ ধৰণে বান্ধ খাই থাকে। ফলস্বৰূপে, শ্বাস-প্ৰশ্বাসৰ ৰোগ থকা বা টিকাকৰণ কৰা লোকসকলৰ দ্বাৰা উৎপন্ন হোৱা এণ্টিবডী বা প্ৰ'টিন অণু কোনোৱেই নিওকোভৰ পৰা সুৰক্ষা দিব নোৱাৰে।
চীনা গৱেষকসকলৰ মতে, নিওকোভে MERS-CoVৰ উচ্চ মৃত্যুৰ হাৰ যিটোত প্ৰতি তিনিজন সংক্ৰমিত ব্যক্তিৰ ভিতৰত এজনৰ মৃত্যু হয় আৰু বৰ্তমানৰ SARS-CoV-2 কৰোনাভাইৰাছৰ উচ্চ সংক্ৰমণ হাৰৰ সম্ভাৱ্য সংমিশ্ৰণ বহন কৰে। যাৰ বাবে ই অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা আছে। বিজ্ঞানীসকলে ইয়াক লৈ আৰু অধিক গৱেষণা অব্যাহত ৰাখিছে।