ফেচবুকযোগে আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি আটক ডবকাৰ এজন যুৱক৷ ডবকাৰ মোৰাঝাৰৰ পৰা আটক কৰা হয় যুৱকজনক৷ আলফাৰ অভিজিৎ অসমৰ লগত যোগাযোগ কৰি আলফাত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছিল যুৱকজনে (Willingness to Join ULFA-I)৷
যুৱকজনৰ নাম আব্দুল ইস্তাক৷ যুৱকজন NSUI ৰ মোৰাঝাৰ শাখাৰ সভাপতি বুলি তেওঁৰ ফেচবুক প্ৰফাইলত উল্লেখ আছে৷
আলফাত কেনেদৰে যোগদান কৰিব লাগে সেই সন্দৰ্ভত ফেচবুকৰ মেচেঞ্জাৰ যোগে কথা পাতিছিল যুৱকজনে৷
আলফাত কি মুছলিম যুৱকে যোগদান কৰিব পাৰিব নেকি বুলিও অভিজিৎ অসমক সুধিছিল যুৱকজনে৷
আলফাৰ মুক্ত কণ্ঠ নামৰ প্ৰফাইলৰ এটি পোষ্টো শ্বেয়াৰ কৰিছিল যুৱকজনে৷ অভিজিৎ অসমেও উত্তৰ দিছিল যুৱকজনক৷
শেষত হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰৰ তৎপৰতাত মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে যুৱকজনক৷
আটক যুৱকজনক মোৰাঝাৰ আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনিছে৷
আনহাতে যুৱকজনে নিজে NSUI ৰ দায়িত্বত থকা বুলি স্বীকাৰ কৰিছে যদিও NSUI ৰ হোজাই জিলা সমিতিয়ে যুৱকজন NSUIৰ নহয় বুলি মন্তব্য কৰে৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|