உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Wrestler Murder Case: শীঘ্ৰেই জালত পৰিব পাৰে পলাতক মল্লযোদ্ধা সুশীল কুমাৰ। দিল্লী আৰক্ষীয়ে লাভ কৰিছে শেহতীয়া অৱস্থিতি।

    Wrestler Murder Case: শীঘ্ৰেই জালত পৰিব পাৰে পলাতক মল্লযোদ্ধা সুশীল কুমাৰ। দিল্লী আৰক্ষীয়ে লাভ কৰিছে শেহতীয়া অৱস্থিতি।

    দুটা অলিম্পিকৰ পদক জয় কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈ মল্লযোদ্ধা সুশীল কুমাৰ। সাগৰ ৰাণা নামৰ এজন মল্লযোদ্ধাৰ হত্যাৰ গোচৰত অভিযুক্ত সুশীল।

    দুটা অলিম্পিকৰ পদক জয় কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈ মল্লযোদ্ধা সুশীল কুমাৰ। সাগৰ ৰাণা নামৰ এজন মল্লযোদ্ধাৰ হত্যাৰ গোচৰত অভিযুক্ত সুশীল।

    দুটা অলিম্পিকৰ পদক জয় কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈ মল্লযোদ্ধা সুশীল কুমাৰ। সাগৰ ৰাণা নামৰ এজন মল্লযোদ্ধাৰ হত্যাৰ গোচৰত অভিযুক্ত সুশীল।

    • Share this:
    দুটা অলিম্পিকৰ পদক জয়ী ভাৰতৰ একমাত্ৰ খেলুৱৈ মল্লযোদ্ধা সুশীল কুমাৰ হয়তো আৰু বেছি দিন আৰক্ষীৰ চকুত ধুলি দি পলাই থাকিব নোৱাৰিব। কাৰণ দিল্লী আৰক্ষীয়ে লাভ কৰিছে খেলুৱৈজনৰ শেহতীয়া অৱস্থিতি।

    সাগৰ ৰাণা নামৰ এজন মল্লযোদ্ধাৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ থকা সুশীল কুমাৰ যোৱা ৪ মে'ৰ পৰাই পলাতক হৈ আছে। ৪ মে'ত দিল্লীৰ চত্ৰসাল ষ্টেডিয়ামত এক কাজিয়াৰ সময়ত মৰিয়াই হত্যা কৰা হৈছিল সাগৰ ৰাণাক। লগতে আঘাতপ্ৰাপ্ত হৈছিল আন দুজন খেলুৱৈ। এই ঘটনাত সুশীল কুমাৰ জড়িত আছে বুলি প্ৰাৰম্ভিক অনুসন্ধানত ধৰা পৰিছে। তেতিয়াৰ পৰাই পলাতক হৈ আছে খেলুৱৈগৰাকী।

    আৰক্ষীৰ সূত্ৰই জনোৱা মতে সুশীল কুমাৰৰ লাষ্ট লোকেচন আছিল পঞ্জাৱৰ ভাতিণ্ডা। আৰক্ষীয়ে কেবাটাও গোট গঠন কৰি  পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন স্থানত সুশীল কুমাৰক বিচাৰি অভিযান চলাই আছে।

    ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে সুশীল কুমাৰৰ জামিন আবেদন নাকচ কৰিছিল। দিল্লী আৰক্ষীয়ে সুশীল কুমাৰৰ সন্ধান দিওতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। উল্লেখ্য যে সুশীল কুমাৰৰ লগতে আন ৬ জনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
    Published by:Manjumoni Borah
    First published: