এটা ৩২ মহলীয়াৰ অট্টালিকাত কাম কৰি আছিল ৰং মিস্ত্ৰীয়ে। কিন্তু মিস্ত্ৰী ওলমি থকা ৰছী নিজৰ খিৰিকীত দেখি এগৰাকী মহিলাই কাটি দিয়ে। এই ঘটনা থাইলেণ্ডৰ। কিন্তু ঘটনাটোৱে বিশ্বজুৰি চৰ্চা লাভ কৰিছে।
জানিব পৰা মতে, মহিলাগৰাকীয়ে খঙতে ৰছী কাটি দিয়ে। তেওঁ জনোৱা মতে, সেইদিনা কাম কৰিবলৈ অহা বুলি তেওঁ অৱগত নাছিল। ৰছী কটাৰ পিছত শ্ৰমিক দুগৰাকী ২৬তম মহলাত ওলমি থাকে। পিছত আৰক্ষীৰ সহযোগত তেওঁলোকক উদ্ধাৰ কৰা হয়।
এই ঘটনাৰ পিছত মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু সম্পত্তি ধ্বংসৰ অভিযোগ অনা হয়। থাই সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ঘটনাৰ পিছত যেতিয়া শ্ৰমিকসকল তেওঁৰ কোঠাৰ বাহিৰত উপস্থিত হৈছিল, তেতিয়া তেওঁ স্পষ্টভাৱে হতাশ হৈছিল। মহিলাগৰাকীক আগতে কোৱা হোৱা নাছিল যে তেওঁলোকে উক্ত দিনা কাম কৰিব।
উল্লেখ্য,শ্ৰমিকসকলে ৩২তম মহলাত থকা ভৱনটো মেৰামতি কৰি আছিল। ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা এটা ভিডিঅ' ক্লিপত দেখা গৈছে যে দুজন ৰং মিস্ত্ৰী ৰছীত ওলমি আছে আৰু ২৬ মহলাৰ বাসিন্দাসকলে খিৰিকীখন খুলি তেওঁলোকক ভিতৰলৈ সোমাবলৈ কৈছে।
ঘটনাটোক লৈ মহিলাগৰাকীক আদালতত হাজিৰ কৰোৱা হৈছে। ৩৪ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰথমতে নিজকে দায়ৰ পৰা সৰাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে কটা ৰছীত আঙুলিৰ ছাপ আৰু ডিএনএ পৰীক্ষাৰ প্ৰতিবেদন প্ৰেৰণ কৰে আদালতত। আৰক্ষীয়ে তেওঁক চিচিটিভি ফুটেজ আৰু ফৰেনছিক প্ৰমাণ দেখুওৱাৰ পিছত তেওঁ নিজৰ দোষ স্বীকাৰ কৰে। অৱশ্যে শ্ৰমিকসকলক হত্যা কৰাৰ কোনো অভিপ্ৰায় নাছিল বুলি কয়। যদি এয়া হত্যাৰ চেষ্টা বুলি প্ৰমাণ হয়, তেওঁক ২০ বছৰলৈকে কাৰাদণ্ড বিহিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।