உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • গুজৰাটত প্রধানমন্ত্রী গতিশক্তি সম্বন্ধীয় আঞ্চলিক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল  

    গুজৰাটত প্রধানমন্ত্রী গতিশক্তি সম্বন্ধীয় আঞ্চলিক সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল  

    প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােৱা ১৩ অক্টোবৰ, ২০২১ তাৰিখে মাল্টি-মডেল সংযােগৰ ওপৰত ঐতিহাসিক প্রধানমন্ত্রী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল।

    প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােৱা ১৩ অক্টোবৰ, ২০২১ তাৰিখে মাল্টি-মডেল সংযােগৰ ওপৰত ঐতিহাসিক প্রধানমন্ত্রী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল।

    প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােৱা ১৩ অক্টোবৰ, ২০২১ তাৰিখে মাল্টি-মডেল সংযােগৰ ওপৰত ঐতিহাসিক প্রধানমন্ত্রী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল।

    • Share this:
    কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে গুজৰাটৰ গান্ধীনগৰত পশ্চিম অঞ্চলৰ বাবে প্রধানমন্ত্রী গতিশক্তি সন্দৰ্ভত অনুষ্ঠিত আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত  গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথৰ ৰাজ্যিক মন্ত্রী শ্রীপদ য়েছাে নায়ক, মধ্য প্রদেশৰ ঔদ্যোগিক নীতি আৰু বিনিয়ােগ মন্ত্রী ৰাজবর্ধন সিং দার্ডিগাঁও, ৰাজস্থানৰ গড়কাপ্তানী মন্ত্রী ভজন লাল জাটাভো উপস্থিত থাকে অনুষ্ঠানত। কেন্দ্রীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অধীনত দীনদয়াল বন্দৰ ন্যাসে এই আঞ্চলিক সন্মিলনৰ কৰিছিল আয়ােজন ৷ 

    প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােৱা ১৩ অক্টোবৰ, ২০২১ তাৰিখে মাল্টি-মডেল সংযােগৰ ওপৰত ঐতিহাসিক প্রধানমন্ত্রী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল। প্রধানমন্ত্রী গতিশক্তি মূলতঃ এক ডিজিটেল মঞ্চ যিয়ে ১৬টা মন্ত্রণালয়ক একত্রিত কৰিছে আৰু আন্তঃগাঁথনিমূলক সংযােগ প্রকল্পসমূহৰ সামগ্রিক পৰিকল্পনা আৰু ইয়াৰ সমন্বিত ৰূপায়ণত অগ্রাধিকাৰ দিছে।

    ইয়াৰ অধীনত ভাৰতমালা, সাগৰমালা আৰু অভ্যন্তৰীণ জলপথ, বন্দৰ, উড়ান আদিৰ দৰে আন্তঃগাঁথনিমূলক আঁচনি অন্তর্ভুক্ত কৰা হ'ব। দেশৰ সংযােগ ব্যৱস্থা অধিক উন্নত কৰিবলৈ আৰু অভ্যন্তৰীণ বেপাৰ-বাণিজ্যক অধিক প্রতিযােগিতামূলক কৰি তুলিবলৈ প্রধানমন্ত্রী গতিশক্তিৰ অধীনত টেক্সটাইল ক্লাষ্টাৰ, ফার্মা ক্লাষ্টাৰ, প্ৰতিৰক্ষা কৰিড'ৰ, ইলেক্ট্রনিক পার্ক, ঔদ্যোগিক কৰিড'ৰ, মাছ ধৰা গােট, কৃষি ক্ষেত্ৰ আৰু অন্যান্য অর্থনৈতিক কেন্দ্রসমূহাে সামৰি লােৱা হ'ব।

    তদুপৰি এই ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে মাল্টি-মডেল সংযােগীকৰণ বৃদ্ধি কৰিব আৰু পৰিবহণৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাত্রী, সা-সামগ্ৰী আৰু অন্যান্য সেৱাৰ চলাচলৰ ক্ষেত্ৰত একত্রিত আৰু অবিৰত সংযােগ প্রদান কৰিব। এই বৃহৎ পদক্ষেপে ভ্ৰমণৰ সময় আৰু লজিষ্টিক ব্যয় হ্রাস কৰিব, যােগান শৃংখলা উন্নত কৰিব আৰু বিশ্ব বজাৰত ভাৰতৰ স্থানীয় সামগ্রীসমূহৰ স্থিতি সুদৃঢ় কৰাতাে শক্তিশালী ভূমিকা পালন কৰিব।

    শুকুৰবাৰে এই উদ্বোধনী অধিৱেশনত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বনন্দ সােণােৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ দূৰদৰ্শী নীতিয়ে কেনেদৰে ভাৰতক এক নতুন পৰিচয় প্রদান কৰিছে তাৰ ওপৰত আলােকপাত কৰে আৰু দেশখনক বিশ্বৰ অন্যতম শ্রেষ্ঠ দেশ হিচাপে গঢ়ি তােলাৰ দিশত প্ৰধানমন্ত্ৰীয়ে কিদৰে বলিষ্ঠ ৰূপত আগুৱাই লৈ গৈছে, সেই সন্দৰ্ভত বক্তব্য ৰাখে। 
    Published by:Himangshu Bhuyan
    First published: