ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুটুকুৰা হ’ল যাত্ৰীবাহী বিমান, চাওক Video

News18 Assam | News18-Assam
Updated:February 6, 2020, 9:27 AM IST
ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুটুকুৰা হ’ল যাত্ৰীবাহী বিমান, চাওক Video
অৱতৰণ কৰাৰ সময়তে বেয়া বতৰৰ বাবে ৰানৱে’ত পিছলি দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

অৱতৰণ কৰাৰ সময়তে বেয়া বতৰৰ বাবে ৰানৱে’ত পিছলি দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

  • Share this:
তুৰ্কীৰ ইস্তানবুলত ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰানৱে’তে দুৰ্ঘটনাত পতিত হয় এখন বিমান। বুধবাৰে অৱতৰণ কৰাৰ সময়ত ৰানৱে’ত পিছলৈ গৈ দুৰ্ঘটনাত পতিত হয় বিমানখন। এই ভয়াৱহ দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৫২গৰাকী যাত্ৰী। দুৰ্ঘটনাৰ ফলত দুটুকুৰা হৈ যায় যাত্ৰীবাহী বিমানখন।

বিমানখন ইজমিৰ চহৰৰ পৰা ইস্তানবুলৰ ছাবিহা গ’কেন বিমানবন্দৰলৈ আহি আছিল। অৱতৰণ কৰাৰ সময়তে বেয়া বতৰৰ বাবে ৰানৱে’ত পিছলি দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি