কাজিৰঙাত ‘কাজি 188’ৰ সন্ত্ৰাস, কোন এই ‘কাজি 188’? জানি আচৰিত হ’ব আপুনি

News18 Assam | News18-Assam
Updated:February 5, 2020, 11:21 AM IST
কাজিৰঙাত ‘কাজি 188’ৰ সন্ত্ৰাস, কোন এই ‘কাজি 188’? জানি আচৰিত হ’ব আপুনি
ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ পৰা বাঘটো ওলাই গৈ এতিয়া বাগৰি বনাঞ্চলৰ সমীপৱৰ্তী গ্ৰামাঞ্চলত সৃষ্টি কৰিছে ত্ৰাসৰ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ পৰা বাঘটো ওলাই গৈ এতিয়া বাগৰি বনাঞ্চলৰ সমীপৱৰ্তী গ্ৰামাঞ্চলত সৃষ্টি কৰিছে ত্ৰাসৰ৷

  • Share this:
কাজিৰঙাৰ জনাঞ্চলত ‘কাজি 188’ৰ সন্ত্ৰাস অব্যাহত৷ এশৰো অধিক পোহনীয়া জীৱ–জন্তু নিধন কৰি আতংকৰ সৃষ্টি কৰিছে ‘কাজি 188’–এ৷ ‘কাজি 188’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা ঢেকীয়াপতীয়া বাঘ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ টাইগাৰ মণিটৰিং কেমেৰাত বন্দী হোৱা বাঘটোক চিহ্নিত কৰা হৈছে ‘কাজি 188’ হিচাবে৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ পৰা বাঘটো ওলাই গৈ এতিয়া বাগৰি বনাঞ্চলৰ সমীপৱৰ্তী গ্ৰামাঞ্চলত সৃষ্টি কৰিছে ত্ৰাসৰ৷ বাগৰি বনাঞ্চলৰ দক্ষিণ দিশৰ কাঞ্চনজুৰিৰ ৰাইজে বিগত বৰ্ষৰ জুলাই মাহৰ পৰা বাঘৰ আতংকত কটাবলগীয়া হৈছে নিদ্ৰাবিহীন নিশা৷ কাৰণ সন্ধিয়া হ’লেই বনৰজাৰ আৰম্ভ হয় পশুধন নিধনৰ অভিযান৷

বন বিভাগে বাঘটো ধৰিবৰ বাবে পিঞ্জৰা সাজু কৰি ৰখাৰ লগতে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশানুযায়ী বাঘ আৰু গাঁওবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে চাংঘৰ পাতি নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে উদ্যান কৰ্তৃপক্ষই৷ বাঘটোৰ সন্ত্ৰাসৰ ফলত গাঁওবাসীয়ে দিনে–নিশাই পশুধনসমূহ ঘৰতে আৱদ্ধ কৰি ৰাখিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ একো একোটা গোহালিত ৩০–৪০টা গৰু নিধন কৰি গোহালি উদং কৰিছে বাঘটোৱে। বাঘৰ ভয়ত বৰ্তমান দিনৰ ভাগতেই মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিছে গাঁওকেইখনত।
আৰু চাওক
পৰৱৰ্তী বাতৰি