ৰাজকীয় সন্মানেৰে পঞ্চভূতত বিলীন সুষমা স্বৰাজ, জীয়ৰীয়ে কৰিলে মুখাগ্নি

অন্ত পৰিল ভাৰতীয় ৰাজনীতিৰ এক বৰ্নিল অধ্যায়!

News18-Assam
Updated:August 7, 2019, 6:04 PM IST
ৰাজকীয় সন্মানেৰে পঞ্চভূতত বিলীন সুষমা স্বৰাজ, জীয়ৰীয়ে কৰিলে মুখাগ্নি
অন্ত পৰিল ভাৰতীয় ৰাজনীতিৰ এক বৰ্নিল অধ্যায়!
News18-Assam
Updated: August 7, 2019, 6:04 PM IST
অৱশেষত ৰাজকীয় সন্মানেৰে পঞ্চভূতত বিলীন হ’ল সুষমা স্বৰাজ। লোধি ৰোড শৱদাহ গৃহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত সুষমা স্বৰাজৰ মুখাগ্নি কৰে জীয়ৰী বাঞ্চুৰী স্বৰাজে। নিজৰ প্ৰিয় নেত্ৰীগৰাকীক অন্তিমবাৰ দৰ্শন কৰিবলৈ উপস্থিত হয় হাজাৰ হাজাৰ গুণমুগ্ধ।



হৃদক্ৰিয়া বন্ধ হৈ যোৱানিশা শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। আজি পুৱা ৮ বজাৰ পৰা ১০.৩০ বজালৈ যন্তৰ–মন্তৰস্থিত বাসগৃহত অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হৈছিল সুষমা স্বৰাজৰ নশ্বৰদেহ। দুপৰীয়া ১২ বজাত স্বৰাজৰ নশ্বৰদেহ বিজেপিৰ কাৰ্যালয়লৈ অনা হয়। ২.৩০ বজালৈ বিজেপিৰ কাৰ্যালয়ত দলীয় নেতা–কৰ্মী তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাই সুষমা স্বৰাজক।



কায়িক ভাবে সুষমা স্বৰাজ আমাৰ মাজৰ পৰা আঁতৰি গলেও, তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজী যুগ যুগান্তলৈকে প্ৰেৰণাৰ উৎস হৈ ৰ’ব দেশৰ উত্তৰ প্ৰজন্মৰ বাবে!
আৰু চাওক পৰৱৰ্তী বাতৰি