গগণচুম্বী নিৰ্মীয়মাণ টুইন টাৱাৰ এটা ভাঙি পেলাবলৈ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ২ সপ্তাহৰ ভিতৰত টুইন টাৱাৰ (Supertech Twin Towers)টো ভাঙিবলৈ আজি এক নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে (Supreme Court of India)। নয়ডাত নিৰ্মাণ আধৰুৱা হৈ ৰোৱা এই গগণচুম্বী টুইন টাৱাৰটো হৈছে ছুপাৰটেক এমাৰেল্ড কোৰ্ট প্ৰজেক্ট। আনকি ধ্বংসকাৰ্যৰ দিন, সময়, পৰিকল্পনা নিৰ্ধাৰণৰ বাবে সংশ্লিষ্ট লোকৰ সৈতে ৭২ ঘণ্টাৰ ভিতৰত আলোচনা কৰি চুড়ান্ত কৰিবলৈ নয়ডা কৰ্তৃপক্ষক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
নয়ডাৰ ছেক্টৰ ৯৩ত নিৰ্মাণ কৰা হৈছিল ৪০ মহলীয়া ওখ টুইন টাৱাৰটো। ছুপাৰটেক এমাৰেল্ড কোৰ্ট প্ৰজেক্ট (Supertech Emerald Court Project) টুইন টাৱাৰ ভাঙি পেলাবলৈ বিল্ডাৰক নিৰ্দেশ দিছিল যদিও বিল্ডাৰে ন্যায়ালয়ৰ নিৰ্দেশ নামানিলে। জানুৱাৰীৰ ১২ তাৰিখে এই প্ৰসংগত বিল্ডাৰক কাৰাগাৰলৈৈ নিক্ষেপৰ সকী.নিও দিয়ে ন্যায়ালয়ে।
ইপিনে ২১ জানুৱাৰীত দিয়া এক নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কয় যে টুইন টাৱাৰত ঘৰ কিনা সকলো গ্ৰাহকক বিল্ডাৰে সূতসহ ধন ঘূৰাই দিব লাগিব। ফেব্ৰুৱাৰীৰ ২৮ তাৰিখৰ ভিতৰত সকলো গ্ৰাহকক ধন উভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|