ঘৰ হওঁক বা দোকান হওঁক বা বহুমহলীয়া অট্টালিকা হওঁক... ইটাৰ প্ৰয়োজনীয়তা প্ৰতিটো নিৰ্মাণ ক্ষেত্ৰতে থাকে। সাধাৰণতে আটা ভাটা এটাত কাম কৰা এজন শ্ৰমিকে ১ ঘণ্টাত সৰ্বাধিক ৮০টা ইটা নিৰ্মাণ কৰিব পাৰে, কিন্তু যদি ১ ঘণ্টাত ১২,০০০ ইটা তৈয়াৰ হয় তেন্তে কি হ'ব? এইটো এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় ভ্ৰাম্যমাণ ইটা নিৰ্মাণ যন্ত্ৰৰ জৰিয়তে সম্ভৱ। এই যন্ত্ৰটো হাৰিয়ানাৰ সতীশ কুমাৰ চিকাৰা (Satish Kumar Chhikara)ই উদ্ভাৱন কৰিছে।
সতীশ চিকাৰা এছএনপিচি মেচিন (SNPC Machines) নামৰ এটা ষ্টাৰ্টআপ (Start Up Company) কোম্পানীৰ প্ৰতিষ্ঠাপক। তেওঁ এইটো তেওঁৰ ভায়েক বিলাস চিকাৰাৰ সৈতে আৰম্ভ কৰিছিল। বিলাস এজন এমবিএ স্নাতক। SNPCয়ে এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় মোবাইল ইটা নিৰ্মাণ যন্ত্ৰ উদ্ভাৱন কৰিছে যি চলমান প্ৰযুক্তিৰ ওপৰত আধাৰিত। অৰ্থাৎ ই এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে ইটা নিৰ্মাণ কৰে। এছএনপিচিৰ ভ্ৰাম্যমাণ ইটা নিৰ্মাণ যন্ত্ৰটো সমগ্ৰ বিশ্বতে এক অনন্য প্ৰযুক্তি। এই ভ্ৰাম্যমাণ ইটা নিৰ্মাণ যন্ত্ৰটোক 'ফেক্টৰী অফ ব্ৰিক অন হুইলচ' বুলিও জনা যায়।
সতীশ চিকাৰা দশম শ্ৰেণীৰ ড্ৰপআউট। পাৰিবাৰিক সমস্যাৰ বাবে তেওঁ স্কুল এৰিব লগা হৈছিল। সতীশ চিকাৰাই এসময়ত নিজৰ পৰিয়ালৰ ইটা ভাটা চলাইছিল। কিন্তু নিৰন্তৰ লোকচানৰ পিছত ব্যৱসায়টো বন্ধ কৰিব লগা হৈছিল। ইটা নিৰ্মাণৰ নিম্ন গতি আৰু শ্ৰমিকৰ উচ্চ ব্যয়ৰ বিকল্প হিচাপে সতীশে এটা স্বয়ংক্ৰিয় ইটা নিৰ্মাণ যন্ত্ৰৰ কথা ভাবিছিল। এটা সম্পূৰ্ণ স্বয়ংক্ৰিয় যন্ত্ৰ য'ত কেঁচা সামগ্ৰী মিহলি কৰাৰ পৰা আৰম্ভ কৰি ইটা বনোৱা আৰু শুকোৱাবৰ বাবে মাটিত ইটা ৰখালৈকে সকলোবোৰ যাতে নিজে নিজে কৰিব পৰা হয়। ইটা সাজু হোৱাৰ পিছত ইয়াক শুকুৱাবলৈ হাতেৰে বেলেগকৈ থোৱাৰ কোনো প্ৰয়োজন নাই। কিয়নো সতীশে উদ্ভাৱন কৰা মেচিনটো ট্ৰাকৰ দৰে চলে আৰু ইটাবোৰ মাটিত শাৰী শাৰীকৈ থৈ থৈ যায়।
2007 চনৰ পৰা 2014 চনলৈ তেওঁ বিফল হৈছিল। কিন্তু শেষত জানুৱাৰী 2015-ত সফলতা অৰ্জন কৰে আৰু চূড়ান্ত প্ৰটোটাইপটো পৰীক্ষা কৰা হয়।
এছএনপিচিৰ এই স্বয়ংক্ৰিয় ইটা নিৰ্মাণ যন্ত্ৰটো উজবেকিস্তান, পাকিস্তান, নেপাল আৰু বাংলাদেশৰ দৰে দেশত বিক্ৰী কৰা হৈছে। এই ষ্টাৰ্টআপটোৱে ৬ খন দেশত সুনাম গঢ়ি তুলিছে। 2023 চনৰ ভিতৰত SNPCয়ে মধ্য এছিয়া আৰু আফ্ৰিকাত সবল খোজ দিব বিচাৰে। সতীশে এতিয়ালৈকে ২৫০তকৈও অধিক স্বয়ংক্ৰিয় ইটা নিৰ্মাণ যন্ত্ৰ বিক্ৰী কৰিছে। এই ষ্টাৰ্টআপটোৱে ভাৰত চৰকাৰৰ পৰা ২০২০ চনত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা (National Start Up Award 2020) লাভ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|