• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ভয়ংকৰ অগ্নিকাণ্ডই নিমিষতে শেষ কৰিলে সকলো! মাতৃক সৱটি এগৰাকী কণমানিৰ হিয়াভঙা কান্দোন...

ভয়ংকৰ অগ্নিকাণ্ডই নিমিষতে শেষ কৰিলে সকলো! মাতৃক সৱটি এগৰাকী কণমানিৰ হিয়াভঙা কান্দোন...

চকুৰ সন্মুখতে জুইত জাহ গ'ল তাইৰ কিতাপ-পত্ৰ, কাপোৰ-কানি সকলো ৷

চকুৰ সন্মুখতে জুইত জাহ গ'ল তাইৰ কিতাপ-পত্ৰ, কাপোৰ-কানি সকলো ৷

চকুৰ সন্মুখতে জুইত জাহ গ'ল তাইৰ কিতাপ-পত্ৰ, কাপোৰ-কানি সকলো ৷

  • Share this:
এগৰাকী কণমানিৰ হিয়াভঙা কান্দোন! এক হৃদয় বিদাৰক ঘটনাৰ সাক্ষী হৈ ৰ'ল কণমানিজনী। চকুৰ আগতে জুইত জাহ গ'ল তাইৰ আপোন ঘৰখন। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ ওপৰ নাজিৰা এক নং ৱাৰ্ডত।

বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডত নৱনীতা দাস নামৰ এগৰাকী মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। এটা চাকিৰ পৰা জুইৰ সূত্ৰপাত হৈ পৰৰ্ৱতী সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অঞ্চলটোৰ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাসগৃহটোৰ লগতে পৰিয়ালটোৰ সকলো সামগ্ৰী জুইত জাহ যায় ৷ মাতৃ আৰু ৬ বছৰীয়া এজনী কনমাণি  বাস কৰা গৃহটোৰ পৰা একো সামগ্ৰীও উদ্ধাৰ কৰিব পৰা নগ'ল।

ঘটনা সংঘটিত হোৱাৰ পিছত মাতৃৰ বুকুত সাৱটি কণমানিজনীৰ হিয়া ভঙা কান্দোনে সকলোৰে চকু সেমেকাই তোলে। নিজৰ কিতাপ-পত্ৰ, কাপোৰ, সকলো প্ৰয়োজনীয় বস্তু হেৰুৱাই শোকত ভাগি পৰা কণমানিজনীক মাতৃ নৱনীতা দাসেও সান্তনা দিব পৰা নাছিল। আপোন ঘৰখন হেৰুৱাই এতিয়া ভৱিষ্যতৰ কোনো বাট দেখা নাই দুৰ্ভগীয়া মাতৃ আৰু কণমানিজনীয়ে।
Published by:Himangshu Bhuyan
First published: