‘মাজুলী গাভৰু’ক লৈ বিতৰ্ক : মাজুলীবাসীৰ ওচৰত ক্ষমা বিচাৰিলে কণ্ঠশিল্পী বাবুৱে

News18-Assam
Updated:November 19, 2019, 7:16 PM IST
‘মাজুলী গাভৰু’ক লৈ বিতৰ্ক : মাজুলীবাসীৰ ওচৰত ক্ষমা বিচাৰিলে কণ্ঠশিল্পী বাবুৱে
ৰাজ্যজুৰি গানটোক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে বাবুৱে।

ৰাজ্যজুৰি গানটোক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে বাবুৱে।

  • Share this:
জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ এটা গানক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। মাজুলীক লৈ প্ৰস্তুত কৰা গানটোৰ ভিডিঅ’ত মাজুলীৰ কৃষ্টি–সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। যাক লৈ জাঙুৰ খাই উঠিছিল সমগ্ৰ মাজুলীবাসী। মাজুলীৰ ৰাইজে বাবুৱে ক্ষমা নুখুজিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছিল। ছচিয়েল মিডিয়াতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পীগৰাকী। ৰাজ্যজুৰি গানটোক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে বাবুৱে।

ফেচবুকযোগে বাবুৱে ক্ষমা বিচাৰিলে মাজুলীবাসীৰ ওচৰত। নিজৰ ফেচবুক পোষ্টত বাবুৱে লিখিছে – ‘মোৰ নতুন আধুনিক গীত ‘মাজুলী গাভৰু’ৰ ভিডিঅ’ক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত। কোনো ধৰ্মীয় পৰম্পৰা–অনুভূতিক আঘাত কৰাৰ দুঃসাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ। যিহেতু ‘মাজুলী গাভৰু’ গীতটিৰ ভিডিঅ’টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছো আৰু ফেচবুকৰ মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলো লগতে গীত টিৰ ভিডিঅ’টো উল্লেখিত YouTube চেনেলত সম্পাদনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ।’
আৰু চাওক
পৰৱৰ্তী বাতৰি