ধাৰাসাৰ বৰষুণৰ কবলত পৰিব অসমত। বৰষুণৰ লগতে শিলাবৃষ্টি তথা বিজুলী-ঢেৰেকনিৰ প্ৰভাৱত পৰিব অসম। এই সম্পৰ্কত সতৰ্কবাণী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ লগতে উত্তৰ-পূবৰ আনকেইখন ৰাজ্যতো সতৰ্কতা জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত ৪ ফেব্ৰুৱাৰীলৈকে ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে (Assam will be hit by heavy rains)।
ধাৰাসাৰ বৰষুণৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে কেইবাখনো জিলাতো। এই জিলাকেইখন হৈছে- দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, মানকাছাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, হোজাই, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাটত অধিক সতৰ্কতা অৱলম্বনৰ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ লগতে আন জিলাসমূহতো বৰষুণৰ সম্ভাৱনা আছে। অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাতো প্ৰবল বৰষুণৰ আশংকা আছে।
উল্লেখ্য, বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। দিনৰ ভাগত মহানগৰীৰ লগতে কেতবোৰ অঞ্চলত তাপমাত্ৰা প্ৰায় স্বাভাৱিক আছে যদিও বতাহৰ বাবে শীতৰ প্ৰকোপ বাৰুকৈ অনুভৱ হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|