ভাৰতীয় সমাজত বিবাহ এখন খাটাং কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপেই ধৰা হয় দৰা-কইনাৰ ৰাশিফল (Zodiac Signs) মিলোৱা। ভাৰতীয়সকলৰ অধিকাংশই বিশ্বাস কৰে যে কেৱল কোষ্ঠী বা ৰাশিয়েই কৈ দিব পাৰে যে বৈবাহিক জীৱন (marital Life) সুখী হ'ব নে নহয় ! বাস্তৱত ছবিখন যদিও সম্পূৰ্ণ বেলেগ হয়। কোষ্ঠীত ৰাজযোগ মিল থকাৰ পিছতো বহু বিবাহ ভাঙি গৈছে। সেয়ে আজিৰ আধুনিক যুগত দৰা-কইনাৰ ৰাশি মিলোৱাতকৈ পাত্ৰ-পাত্ৰীৰ স্বাস্থ্যকহে (Health of Bride-Groom) অধিক গুৰুত্ব দিয়া হৈছে। সেইকাৰণে বিয়াৰ পূৰ্বেই দৰা আৰু কইনাৰ কিছুমান মেডিকেল পৰীক্ষা (Medical Tests Before Marriage) আগতীয়াকৈ কৰাই লোৱা উচিত বুলি বহুতেই ক'ব খোজে। ই কেৱল দৰা-কইনাৰ বিবাহিত জীৱন সুখী কৰাই নহয় অনাগত দিনবোৰত সন্তানৰ (Child Health) ভৱিষ্যতো সুৰক্ষিত কৰিব। এই সাতটা মেডিকেল পৰীক্ষা সেয়ে হোমৰ গুৰিত সাত পাক লোৱাৰ পূৰ্বেই কৰিব লাগে।
হিউমেন ইমিউনোডেফিচিয়েন্সী ভাইৰাছে (HIV) এইডছ (AIDS) সৃষ্টি কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) দুৰ্বল কৰে। বিবাহৰ সিদ্ধান্ত লোৱাৰ আগতে এজনে নিশ্চিত কৰিব লাগিব যে কোনো এজন জীৱন সংগীয়েই যাতে এইছআইভি পজিটিভ নহয়।
বন্ধ্যাত্ব পৰীক্ষা
কইনা আৰু দৰা দুয়োৱে বিয়াৰ আগতে বন্ধ্যাত্ব (infertility) পৰীক্ষা কৰা উচিত। কাৰণ বন্ধ্যাত্ব কেৱল মহিলাৰেই নহয় পুৰুষৰো হ'ব পাৰে। পুৰুষৰ ক্ষেত্ৰত ই শুক্ৰাণুৰ স্বাস্থ্য আৰু শুক্ৰাণুৰ সংখ্যা পৰীক্ষা কৰাত সহায় কৰে। এইটো পৰীক্ষাপৰা এইটোও জানিব পৰা যায় যে মহিলাগৰাকী ভৱিষ্যতে গৰ্ভধাৰণ কৰাত কোনো সমস্যাৰ সন্মুখীন হ'ব নে নাই।
জেনেটিক পৰীক্ষা
বিয়াৰ আগতে দৰা-কইনা দুয়োৰে আনুবংশিক পৰীক্ষা (Genetic Test) কৰোৱা উচিত। ইয়াৰ দ্বাৰা তেওঁলোকে জানিব পাৰে যে তেওঁলোকৰ কোনো বংশগত ৰোগ আছে নেকি।
এছটিডি পৰীক্ষা
বিবাহৰ পূৰ্বে দৰা-কইনাই এছটিডি বা যৌন সংক্ৰমিত (STD) ৰোগৰ বাবে পৰীক্ষা কৰা উচিত। যদি দুয়োজনৰ এজনৰো এই ৰোগ থাকে তেন্তে আনজনো অতি সহজেই সংক্ৰমিত হ'ব পাৰে।
তেজৰ গ্ৰুপৰ তুলনামূলক পৰীক্ষা
দম্পতীসকলৰ গৰ্ভধাৰণত অসুবিধা হ'ব পাৰে যদি তেওঁলোকৰ তেজৰ গ্ৰুপ (Blood Group)ৰ সমতা নাথাকে। এইটো নিশ্চিত কৰিব লাগে যে দুয়োৰে আৰএইফ উপাদান একে বা একে স্তৰত আছে।
তেজৰ বিকাৰ পৰীক্ষা
তেজত হিমোফিলিয়া বা থেলাচেমিয়া বীজাণু আছে নেকি চাবলৈ দৰা আৰু কইনাৰ তেজ পৰীক্ষা কৰা উচিত। অন্যথা, ভৱিষ্যতে তেওঁলোকৰ সন্তানো এনে ৰোগত আক্ৰান্ত হ'ব পাৰে।
ডিম্বাশয় পৰীক্ষা
যিসকল মহিলাই তেওঁলোকৰ জীৱনত পলমকৈ বিবাহপাশত আৱদ্ধ হয় তেওঁলোকক আগতে ডিম্বাশয় (ovary ) পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিয়া হয়। ত্ৰিশ বছৰ বয়সৰ পিছত মহিলাসকলৰ কণী কোষৰ উৎপাদন ক্ষমতা কমিবলৈ আৰম্ভ কৰে যি বিয়াৰ পিছত পৰিয়াল পৰিকল্পনা কৰাত জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে, যদি দুয়োজন সংগীয়ে কেতিয়াও জৈৱিক সন্তান নলোৱাৰ সিদ্ধান্ত লয় তেন্তে এই পৰীক্ষাটো কৰোৱাৰ প্ৰয়োজন নাথাকে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 15, 2021, 17:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|