দেৱদাস খ্যাত প্ৰমথেশ বৰুৱা আজিও উপেক্ষিত, দুখ প্ৰকাশ পৰিয়ালৰ

News18 Assam | News18-Assam
Updated:November 29, 2019, 8:02 PM IST
দেৱদাস খ্যাত প্ৰমথেশ বৰুৱা আজিও উপেক্ষিত, দুখ প্ৰকাশ পৰিয়ালৰ
মৃত্যু তিথিত এগছি চাকিও নজ্বলিল বৰুৱাৰ প্ৰতিমুৰ্তিত

মৃত্যু তিথিত এগছি চাকিও নজ্বলিল বৰুৱাৰ প্ৰতিমুৰ্তিত

  • Share this:
অসম সন্তান তথা বঙালী চিনেমাৰ পিতৃ স্বৰূপ প্ৰমথেশ বৰুৱা আজিও উপেক্ষিত। দেৱদাস ছবি নিৰ্মাণেৰে দেশ বিদেশত খ্যাতি অৰ্জন কৰা প্ৰমথেশ বৰুৱাৰ মৃত্যুৰ পিছত ধুবুৰীৰ গৌৰীপুৰত তেখেতৰ নামেৰে এখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু আজি মৃত্যু তিথিৰ দিনা তেখেতৰ প্ৰতিমুৰ্তিত এগছি চাকি জ্বলাবলৈও যেন আঁহৰি নাপালে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। মহাবিদ্যালয়ৰ এনে কৰ্মত এতিয়া অতিকৈ মৰ্মাহত বৰুৱাৰ পৰিয়াল। উল্লেখযোগ্য যে, বেংগলী ছবিলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰমথেশ বৰুৱাই  জীৱনৰ শেষ মুহূৰ্তলৈকে কৈছিল যে, অসমত ছবি নিৰ্মাণৰ পৰিবেশ পোৱা হেতেন, নিশ্চয়কৈ অসমীয়া ছবিও তেখেতে নিৰ্মাণ কৰিল হেতেন।
আৰু চাওক পৰৱৰ্তী বাতৰি