দেশত অক্সিজেনৰ সংকট! তাৰ মাজতেই আশাৰ ৰেঙণি দেখুৱাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে। এটামাত্ৰ তৰল অক্সিজেন উৎপাদন কেন্দ্ৰৰ পৰা আটাইতকৈ বেছি LGM উৎপাদন কৰাৰ প্ৰয়াস কৰিছে মুকেশ আম্বানীৰ এই প্ৰতিষ্ঠানটোৱে।
দেশৰ কোভিদ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হাস্পতালত বিচনা নাই, নাই অক্সিজেন। এই অৱস্থাত মানুহৰক সহায় কৰিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰিলায়েঞ্চ ফাউণ্ডেনে। দেশৰ ভিতৰতে আটাইতকৈ বেছি মেডিকেল গ্ৰেড লিকুইড অক্সিজেন উৎপাদন কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে প্ৰতিষ্ঠানটোৱে।
এই মুহূৰ্তত ভাৰতৰ মেডিকেল গ্ৰেডৰ মুঠ উৎপাদনৰ ১১ শতাংশৰ বেছি লিকুইড অক্সিজেন উৎপাদন কৰিছে ৰিলায়েন্সগোষ্ঠীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|