বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং।
বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং।
বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক এনুৱেল জেনেৰেল মিটিং। বৈঠকৰ আৰম্ভণিতে কোৰোণাৰ সৈতে যুঁজি মৃত্যুক আঁকোৱালি লোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অধ্যক্ষ মুকেশ আম্বানীৰ লগতে নীতা আম্বানীয়ে। দেশৰ কোৰোণা পৰিস্থিতিৰ বাবে বাৰ্ষিক মিটিং খন ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হয়। বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে তিনি কোটিতকৈ অধিক শ্বেয়াৰ হোল্ডাৰৰ আগত নিজৰ মন্তব্য দাঙি ধৰে।
বৈঠকৰ আৰম্ভণিতে সমূহ ৰিলায়েন্স পৰিয়ালৰ হৈ মুকেশ আম্বানীয়ে কোৰোণা যুদ্ধত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে সকলো কোৰোণা যোদ্ধাৰ ত্যাগক চেল্যুট জনায়।
মুকেশ আম্বানীয়ে কয় যে, আমি দেশৰ কথা চিন্তা কৰো। কৰ্মচাৰীসকলৰ কথা চিন্তা কৰো। কোম্পানীৰ বহু কৰ্মচাৰী আৰু শ্বেয়াৰ হোল্ডাৰে কোৰোণা মহামাৰীৰ সৈতে যুঁজিছে। কোৰোণাৰ এনে বিভীষিকাৰ মাজতো বিত্তীয় বৰ্ষ ২০২০-২১ত RIL-এ ভাল প্ৰদৰ্শন কৰি আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|