ৰাজ্যসভাৰ দ্বিতীয়খন আসনত নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা জয়ী হ'বনে নহয়; সন্দিহান বিৰোধী পক্ষ ৷ কংগ্ৰেছ আৰু AIUDFৰ মাজত বিশ্বাস-অবিশ্বাসৰ ৰাজনীতি অব্যাহত আছে ৷ কোনে কাক লেং মাৰিব- ঠিক নাই ৷ AIUDF প্ৰধান বদৰুদ্দিন আজমলে শুকুৰবাৰে কংগ্ৰেছৰ ৪-৫ বিধায়কৰ ওপৰত সন্দেহ প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত মাজনিশা বাৰ বজাৰ পিছত যোৱা কংগ্ৰেছী বিধায়কসকলক বিশ্বাস কৰিব নোৱাৰি বুলি ৰাজহুৱাকৈ সদৰী কৰে আজমলে ৷
এনে বিশ্বাস-অবিশ্বাসৰ ৰাজনীতিৰ মাজতে দেওবাৰে তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ দিনৰ ১১ বজাত প্ৰথমখন বৈঠক আয়োজন কৰিছে ৰাজীৱ ভৱনত ৷ প্ৰদেশ কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতৃত্ব এই বৈঠকত উপস্থিত থাকিব ৷ AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্ববাহী জিতেন্দ্ৰ সিং এই বৈঠকত উপস্থিত থাকিব ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কাইলৈ আয়োজন কৰা কাৰ্যনিৰ্বাহকখনেই হ'ব প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৷ যিখন বৈঠকত উপস্থিত থাকিব অসমৰ দায়িত্ববাহী জিতেন্দ্ৰ সিং (Rajya Sabha Polls) ৷
দ্বিতীয়খন বৈঠক আয়োজন কৰা হৈছে অসম বিধানসভাৰ সচিবালয়ত ৷ সন্ধিয়া ৬ বজাত আয়োজন কৰা বৈঠকত উপস্থিত থাকিব কংগ্ৰেছৰ সকলো বিধায়ক ৷ উপস্থিত থাকিব জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰা ৷
তৃতীয়খন বৈঠকো আয়োজন কৰিছে বিধানসভাৰ সচিবালয়তে ৷ সন্ধিয়া ৭.৩০ বজাত আয়োজন কৰা বৈঠকত কংগ্ৰেছৰ বিধায়কসকলৰ লগতে AIUDFৰ বিধায়কসকল, CPI-Mৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু নিৰ্দলীয় বিধায়ক অখিল গগৈ উপস্থিত থকাৰ কথা ৷ বৈঠকত কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থকাৰ কথা ৷ কিন্তু নিলম্বিত বিধায়ক শশীকান্ত দাস উপস্থিত থাকিব নে নাই এতিয়াও স্পষ্ট নহয় ৷
ইপিনে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী BJPৰ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু UPPLৰ ৰণগৌৰা নাৰ্জাৰীক জয়ী কৰিবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ এই ৰণনীতিৰ সন্মুখত বিৰোধী পক্ষই নিজৰ প্ৰাৰ্থীজনক জয়ী কৰাবলৈ সক্ষম হ'বনে নাই, সেয়া ৩১ মাৰ্চৰ সন্ধিয়াৰ ভোটগণনালৈ আপেক্ষা কৰিব লাগিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|