মুখ্যপৃষ্ঠা »খবৰ »Uncategorized »MP Gaurav Gogoi : বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰশংসা কৰি গৌৰৱ গগৈয়ে উলিয়ালে সাৰদা কেলেংকাৰিৰ প্ৰসংগ

MP Gaurav Gogoi : বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰশংসা কৰি গৌৰৱ গগৈয়ে উলিয়ালে সাৰদা কেলেংকাৰিৰ প্ৰসংগ

এয়া মুখ্যমন্ত্ৰীৰ বিভিন্ন ইছ্যু ধাকি টিআৰপি লোৱাৰ কৌশল আখ্যা দিলে সাংসদ গৌৰব গগৈয়ে

এয়া মুখ্যমন্ত্ৰীৰ বিভিন্ন ইছ্যু ধাকি টিআৰপি লোৱাৰ কৌশল আখ্যা দিলে সাংসদ গৌৰব গগৈয়ে

  • Share this:

বাল্য বিবাহক লৈ অসমত চৰকাৰে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপক প্ৰশংসা কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কাম-কাজক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।


প্ৰথমে মুখ্যমন্ত্ৰী (CM Himanat Biswa Sarma)ৰ এই পদক্ষেপক প্ৰশংসা কৰে সাংসদগৰাকীয়ে। কিন্তু যেতিয়া পুৰণা গোচৰত মানুহবোৰক গ্ৰেপ্তাৰ কৰিবলৈ ধৰিলে, তাৰ পিছতে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে।


সাংসদগৰাকীয়ে কয় যে বিজেপিয়ে তেনেহ'লে অসমৰ পুৰণা হত্যাকাণ্ড, সাৰদা কেলেংকাৰি, লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰসমূহৰ তথ্য কংগ্ৰেছৰ পৰা বিচাৰক। সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিৰ ক্ষেত্ৰতো আৰক্ষীয়ে একেই ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে।


এয়া শেহতীয়া বিভিন্ন ইছ্যু ঢাকি নিজৰ ব্যৰ্থতা লুকুৱাই টিআৰপি ল'বলৈ মুখ্যমন্ত্ৰীয়ে অভিযান (Child Marriage) চলাই দেখুৱাইছে বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi)য়ে।


শনিবাৰে যোৰহাটৰ দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ হাথ ছে হাথ জোড়ো যাত্ৰা অভিযানৰ আৰম্ভণি কৰি সমষ্টিটোৰ একাংশ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে সাংসদগৰাকীয়ে।

শেহতীয়া বাতৰি