உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Politics Over Stolen PDS Rice : চুৰি চাউলক গৰম ৰাজনীতি, হাইলাকান্দিত তিনি ট্ৰাক চুৰি চাউলক লৈ ৰাজনৈতিক নাটক 

    Politics Over Stolen PDS Rice : চুৰি চাউলক গৰম ৰাজনীতি, হাইলাকান্দিত তিনি ট্ৰাক চুৰি চাউলক লৈ ৰাজনৈতিক নাটক 

    Politics Over Stolen PDS Rice : চাউল চুৰিক লৈ হাইলাকান্দিত অসম গণ পৰিষদৰ জিলা সভাপতি আফতাব উদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ মাজত চলি আছে বাকযুদ্ধ।

    Politics Over Stolen PDS Rice : চাউল চুৰিক লৈ হাইলাকান্দিত অসম গণ পৰিষদৰ জিলা সভাপতি আফতাব উদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ মাজত চলি আছে বাকযুদ্ধ।

    Politics Over Stolen PDS Rice : চাউল চুৰিক লৈ হাইলাকান্দিত অসম গণ পৰিষদৰ জিলা সভাপতি আফতাব উদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ মাজত চলি আছে বাকযুদ্ধ।

    • Share this:
    PDSৰ চাউল চুৰি কাণ্ডক লৈ এতিয়া গৰম হাইলাকান্দি (Hailakandi)ৰ ৰাজনৈতিক পৰিমণ্ডল । চাউল চুৰিক কেন্দ্ৰ কৰি এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনা । যোৱা ৩ ডিচেম্বৰত হাইলাকান্দি জিলাৰ আলগাপুৰ আৰক্ষীয়ে জব্দ কৰিছিল তিনিখন PDSৰ চাউল ভৰ্তি ট্ৰাক। এই চুৰি কাণ্ডৰ লগত অসম গণ পৰিষদ (AGP)ৰ হাইলাকান্দি জিলা সভাপতি আফতাব উদ্দিন লস্কৰ জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ।

    বিধায়ক নিজাম উদ্দিনৰ এই অভিযোগৰ পিছতে এতিয়া বিধায়কৰ বিৰুদ্ধে সৰৱ হৈছে অগপ নেতা আফতাব উদ্দিন লস্কৰ। বিধায়ক নিজাম উদ্দিনক ভণ্ড আৰু চোৰ আখ্যা দি, বিধায়কে নিশা বিভিন্ন ক'লা বেহা আৰু ছিণ্ডিকেট চলাইছে বুলি মন্তব্য কৰে আফতাব উদ্দিনে । লগতে বিধায়ক নিজাম উদ্দিনে সামান্য তথ্য সংগ্ৰহ নকৰকৈ তেওঁৰ বিৰুদ্ধে মিথ্যা অভিযোগ উত্থাপন কৰিছে বুলিও মন্তব্য আগবঢ়ায় অগপ নেতাগৰাকীয়ে।

    উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰত হাইলাকান্দি জিলাৰ আলগাপুৰ (Algapur)ত জব্দ হৈছিল তিনি ট্ৰাক চাউল । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযোগত আলগাপুৰ আৰক্ষীয়ে  জব্দ কৰিছিলে এই তিনিখন ট্ৰাক । AS-01-DC-4596, AS-01-DC-4566 আৰু AS-24-C-9136 নম্বৰৰ এই ট্ৰাক তিনিখন কাৰি অনা হৈছিল বৃহৎ পৰিমাণৰ PDS'ৰ চাউল ।

    কাছাৰ (Cachar) জিলাৰ শালচাপৰা ৰে'ল য়াৰ্ডৰ পৰা হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিৰ গুদামত লৈ যোৱাৰ কথা আছিলে চাউল খিনি । কিন্তু মোহনপুৰৰ পৰিবৰ্তে আলগাপুৰ এলেকাৰ এটা ব্যক্তিগত গুদামত চাউলখিনি আনলোড কৰাৰ সময়তে আৰক্ষীয়ে ট্ৰাক তিনিওখন জব্দ কৰি থানালৈ লৈ আহে ।

    এই ঘটনাৰ পিছতে আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এই চাউল চুৰ কাণ্ডৰ সৈতে হাইলাকান্দি জিলা অগপ সভাপতি আফতাব উদ্দিন লস্কৰ জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে । আফতাব উদ্দিন লস্কৰ এই মোহনপুৰ সমবায় সমিতিৰ সম্পাদক হিচাপে কৰ্মৰত আছিল । কিন্তু ২০২০ চনত হোৱা ৪০ লাখ টকাৰ কেলেংকাৰীৰ পিছতে তেওঁক এই পদৰ পৰা নিলম্বিত কৰা হয়। কিন্তু পিছত তেওঁ ৰাজনৈতিক ক্ষমতা ব্যবহাৰ কৰি নিজৰ পুত্ৰক এই সমবায়ৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: